Al Jazeera twitter  account
Al Jazeera twitter account

ডিজিটেল ডেস্কঃ বাংলাদেশৰ এখন বিমান অৱতৰণ কৰাৰ মুহূৰ্ততে ভূপতিত হৈ ৫০গৰাকী লোকৰ মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে নেপালৰ কাঠমাণ্ডুত।

জানিব পৰা মতে, চুবুৰীয়া দেশ বাংলাদেশৰ পৰা সোমাবাৰে ৬৭ গৰাকী যাত্ৰী সহ নেপাললৈ উৰা মাৰিছিল বিমান খন। 

নেপালৰ ৰাজধানী কাঠমাণ্ডুত বিমান খন অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয়৷ ৬৭গৰাকী যাত্ৰী থকা বিমান খন দুৰ্ঘটনাত পতিত হোৱা ঠাইৰ পৰা ইতিমধ্যে ৪০গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আনহাতে প্ৰায় ১৯ গৰাকী লোকক আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে৷বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে৷

ইউ এছ বাংলা বিমান সেৱাৰ বিমান খনে ৬৭ গৰাকী যাত্ৰী কঢ়িয়াই আনি থকাৰ সময়তে কাঠমাণ্ডুৰ ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ক্ৰেচ হয়৷

 

ঘটনা সংঘটিত হোৱাৰ পিছতেই বিমান বন্দৰৰ পৰা সকলো বিমানৰ উৰণ বন্ধ বাতিল কৰা হৈছে৷ নেপালৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দুৰ্ঘটনাটোত আৰু যাত্ৰীৰ মৃত্যুৰ হোৱাৰ আশংকা আছে।