newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে আৰএছএছৰ মুখ্যকাৰ্যালয়ৰ এক অনুষ্ঠানত অংশ লোৱাৰে পৰা এক চৰ্চাৰ বিষয় হৈ পৰিছে৷ বাতৰি মতে, এই ঘটনাৰ পিছত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক এই সপ্তাহতে কংগ্ৰেছে আয়োজন কৰিবলগীয়া ইফটাৰ পাৰ্টিত আমন্ত্ৰণ কৰা হোৱা নাই৷ 

ইফালে আশ্বৰ্যজনক বিষয় এয়াও যে কংগ্ৰেছ দ্বাৰা আয়জিত এই অনুষ্ঠানত নিমন্ত্ৰিত লোকসকলৰ পৰা প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনচাৰিৰ নামো বাদ পৰিছে।

চলিত বৰ্ষৰ আৰম্ভণিতে ছোনীয়া গান্ধীয়ে আয়োজন কৰা নৈশ ভোজত আমন্ত্ৰিত লোকসকলক কংগ্ৰেছৰ ইফটাৰ পাৰ্টিতো আমন্ত্ৰণ জনোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ছোনীয়া গান্ধীৰ নৈশ ভোজৰ অনুষ্ঠান নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি বিৰোধী দলৰ 'মহামিত্ৰবন্ধন’ গঢ়াৰ এক প্ৰস্তুতি বুলি ধৰা হৈছিল।  

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱাল আৰু তেওঁৰ আম আদমী পাৰ্টিৰ কোনো নেতাৰ নামো কংগ্ৰেছর ইফাটৰ পাৰ্টিৰ নিমন্ত্ৰণী সূচীত অন্তৰ্ভূক্ত হোৱা নাই৷ কংগ্ৰেছৰ অল্পসংখ্যক মৰ্চাৰ দ্বাৰা ইফটাৰ পাৰ্টী অহা ১৩ জুনত দিল্লীৰ তাজ হোটেলত আয়োজন কৰা হ’ব বুলি জানিব পৰা গৈছে৷ 

সংবাদ মাধ্যমত কংগ্ৰেছৰ দ্বাৰা আয়োজিত হ’বলগীয়া ইফটাৰ পাৰ্টিখনে ৰাজনৈতিক মহত্বক লৈ বহুল চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ জানিব পৰা মতে, ইফটাৰ পাৰ্টিত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীও উপস্থিত থাকিব৷ 

ইফটাৰ আয়োজনৰ আঁৰত কংগ্ৰেছে বিৰোধী শক্তিক একত্ৰিত কৰি ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক সহমত গঢ়িবলৈ চেষ্টা কৰিব বুলি চৰ্চা চলিছে৷ 

আমন্ত্ৰিত হোৱা সকলো ৰাজনৈতিক দললৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে যে যদি দলৰ জ্যেষ্ঠ নেতাক ইফটাৰ পাৰ্টিলৈ পঠিয়াব নোৱাৰে, তেন্তে দলৰ প্ৰতিনিধিক যাতে পঠোৱা হয়৷ কিয়নো ইফটাৰ পাৰ্টিৰ জৰিয়ত বিভিন্ন দলৰ সৈতে মিত্ৰতা সম্ভৱ কৰিবলৈ কংগ্ৰেছে চেষ্টা চলাব৷

ইফালে, মুখাৰ্জী আৰু আনচাৰীক ইফটাৰ পাৰ্টিলৈ আমন্ত্ৰণ কৰা হোৱা নাই৷ নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ৰ এখন বিশেষ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে উপস্থিত থকাৰ বাবেই কংগ্ৰেছে ইফটাৰ পাৰ্টিত প্ৰণৱ মুখাৰ্জীক আমন্ত্ৰণ নজনোৱা বুলি চৰ্চা চলিছে৷ 

উল্লেখ্য যে, কংগ্ৰেছেৰ কেইবাগৰাকীও নেতাই মুখাৰ্জীক আৰএছএছৰ অনুষ্ঠানত অংশ নল’বলৈ পৰামৰ্শ দিছিল৷ আনহাতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ মঞ্চত কংগ্ৰেছক প্ৰত্যুত্তৰ দি পাকে প্ৰকাৰে বুজাই দিছিল যে তেওঁ এতিয়া কংগ্ৰেছ নেতা হৈ থকা নাই৷

আনহাতে, কংগ্ৰেছে আয়োজন কৰা ইফটাৰ পাৰ্টিত কোন কোন দলৰ কোন কোন নেতাই অংশ ল’ব সেই বিষয়ে এতিয়াও নিশ্চিত হোৱা নাই৷