newsnextone.com | ডিজিটেল ডেস্কঃ পুৱাৰে ভোট কৰিবলৈ ভোট দান কৰিবলৈ ওলাই আহিছে কৰ্ণাটকৰ জনসাধাৰণে৷ পুৱাৰে পৰা লানি নিছিগা সোঁত বয় ৰাইজৰ৷ দিনৰ ৫ বজালৈ কৰ্ণাটকত ৬১ শতাংশ ভোট দান সাব্যস্ত কৰি এক নতুন ইতিহাস ৰচিলে ভোটাৰে৷ শনিবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২টা সমষ্টিত ভোট দান অনুষ্ঠিত হৈছে৷

যোৱা প্ৰায় ২ মাহ তীব্ৰ প্ৰচাৰৰ অন্তত শনিবাৰৰ পুৱাৰে পৰা ভোটদান আৰম্ভ হৈছে৷ এতিয়ালৈকে শান্তিৰে অনুষ্ঠিত হৈ আছে ভোটদান৷ পুৱাই ঘৰৰ পৰা মানুহ ওলাই অহা পৰিলক্ষিত হৈছে আৰু ভোটদান কৰাৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হয়৷ 

কৰ্ণাটকত ৪.৯৮ কোটি ভোটদাতা আছে৷ ইয়াৰে পুৰুষ হৈছে ২.৫২ কোটি, ২.৪৪ কোটি মহিলা আৰু ৪৫৫২ ট্ৰান্সজেণ্ডাৰ৷ কৰ্ণাটকত ৫৫৬০০ ভোট কেন্দ্ৰ আছে৷ স্পৰ্শকাতৰ ভোট কেন্দ্ৰও আছে৷ যাৰ ফলত ৩.৫ লাখ নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে নিৰ্বাচন আয়োগে৷ ১৯৮৫ চনৰ পিছত কৰ্ণাটকত দ্বিতীয় বাৰ একেৰাহে কোনো দলৰ চৰকাৰ শাসনলৈ অহা নাই৷ কংগ্ৰেছ পঞ্জাৱৰ পিছত দ্বিতীয় খন ডাঙৰ ৰাজ্য শাসন কৰি আছিল৷