newsnextone.com | গুৱাহাটীঃ ভাৰতীয় ডাক সেৱালৈ কৃতজ্ঞতা৷ ঐতিহাসিক অসম আন্দোলনৰ মূল হোতালৈ স্বীকৃতি দিয়াৰ বাবে-ইমদাদুল ইছলাম মণ্ডল

ভাৰতীয় ডাক বিভাগলৈ আন্তৰিক ধন্যবাদ যাঁচিলো৷ কিয়নো অতি মৰমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ফটো সম্বলিত ডাক টিকট প্ৰকাশ কৰাৰ বাবে  ধন্যবাদ-বিনয় দলে

আন্তৰিক শুভেচ্ছা যাঁচিলো-ধৰ্মেন্দ্ৰ ডেকা

ফেক আৰু ফেক-মণি মহন্ত

বাতৰিৰ লিংকটো দিলে ভাল আছিল-মইনুল ইছলাম

সঁচাকৈ মহন্ত চাৰ এই সন্মানৰ অধিকাৰী হোৱাৰ বাবে অতি গৌৰৱ অনুভৱ কৰিছোঁ-দিলদাৰ হুছেইন

ইয়াকে কয় ৰাজনৈতিক সমীকৰণ যা হওক ভাল লাগিছে-বিমান বৰুৱা

আমাৰ অসমৰ মুখ্যমন্ত্ৰী ২০২১ত খাটাং-বাহাৰুল ইছলাম

বিকল্প চৰকাৰৰ গুণাগঠা চলি আছে, গতিকে অলপ তেল মালিচ কৰা হৈছে-ভূপেন বনিয়া

আপুনি নিশ্চয় ওপৰৰ একোগৰাকী মানুহৰ বিপৰীতে দিয়া মন্তব্য সমূহ পঢ়িলে৷ এয়া আছিল এটা ফেচবুক পোষ্টত অসমৰ শ-শ লোকে কৰা মন্তব্যৰ মাজৰ কেইটমান মন্তব্য৷ ফেচবুকৰ পোষ্ট দিয়া মানুহ জনৰ নাম হৈছে বিশ্বজ্যোতি মহন্ত৷ বিশ্বজ্যোতি মহন্ত নামৰ লোকজনে পোষ্টটোত কয় ‘‘ভাৰত চৰকাৰৰ ডাক সেৱা বিভাগৰ My stamp scheme-ত অসম গৌৰৱ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ ফটো তাজ মহলৰ লগত দেখি ভাল লাগিল। আন্তৰিক অভিনন্দন শ্ৰদ্ধাৰ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়ালৈ।’’ বহু লোকে কমেণ্ট দিয়াৰ লগতে এই পোষ্টটো প্ৰায় দুই শতাধিক লোকে শ্বেয়াৰ কৰিছে৷

হয়, ভাৰতৰ ডাক সেৱা বিভাগে অগপৰ প্ৰতিষ্ঠাপক, অসম আন্দোলনৰ অন্যতম হোতা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নামত ডাক টিকট উলিয়াইছে৷ এই খবৰৰ খুব চৰ্চা ছ’চিয়েল মিডিয়াত৷ অগপৰ সমৰ্থকে খুব প্ৰচাৰ কৰিছে এই খবৰ৷ আনহে নালাগে প্ৰফুল্ল কামৰ মহন্তৰ সমষ্টিৰ একাংশ লোকে খুব আনন্দিত হৈছে এই খবৰ লাভ কৰি৷ কিন্তু এই কথা সঁচানে৷ newsnextone.com-এ www.indiapost.gov.in নামৰ ভাৰত চৰকাৰৰ ডাক বিভাগৰ ৱেব ছাইটত বিচাৰ কৰিলে৷ জানিবলৈ চেষ্টা কৰা হ’ল সঁচাকৈ প্ৰফুল্ল মহন্তৰ নামত ডাক টিকট প্ৰচলন হৈছে নেকি৷ কিন্তু ভাৰত চৰকাৰে এতিয়ালৈ তেনে কোনো ডাক টিটত প্ৰকাশ কৰা নাই৷

কেৱল কোনো লোকে যদি নিজৰ ফটো সম্বলিত, নতুবা নিজৰ অঞ্চলৰ ঐতিহাসিক ঠাই, পৰ্যটন ক্ষেত্ৰ, বন অভয়াৰণ্য, ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান আদিৰে ডাক টিকট অৰ্ডাৰ কৰি বনাব বনাব পাৰিব৷ কিন্তু এয়া সীমিত সংখ্যাক হে অৰ্ডাৰ কৰিব পাৰিব৷ তাত ভাৰত চৰাকৰে নতুবা ডাক বিভাগে সেই ডাক টিকট প্ৰকাশ কৰা নুবুজাব৷ মাথো ১০০টা ডাক টিকট অৰ্ডাৰ কৰিব পাৰিব৷ সেয়াও বাণিজ্যিক তথা লাভজনক কামত ব্যৱহাৰ কৰিব নোৱাৰিব৷ ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ বিভিন্ন ঠাইক জনপ্ৰিয় কৰিব খোজে চৰকাৰে৷ 

ডাক বিভাগে মাই ষ্টাম্প শীৰ্ষক নাম দিয়া আঁচনি সন্দৰ্ভত এনেদৰে উল্লেখ কৰে ‘‘My Stamp is the brand name for personalized sheets of Postage Stamps of India Post. The personalization is achieved by printing a thumb nail image of the customer's photograph and logos of institutions, or images of artwork, heritage buildings, famous tourist places, historical cities, wildlife, other animals and birds etc., on a selected  template sheet having Postage Stamps.’’ ইয়াৰ দ্বাৰা প্ৰমাণ ডাক বিভাগে প্ৰফুল্ল কুমাৰ মহন্তৰ নামত কোনো ডাত টিকট উলিওৱা নাই৷

শেহতীয়াকৈ ফেচবুকৰ মন্তব্য প্ৰকাশ কৰা অসমৰ কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তে প্ৰফুল্ল মহন্তৰ খবৰ প্ৰচাৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিছে৷ এতিয়া এনে ভুৱা খবৰ প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব তাকে লৈ সচেতন মহলে চিন্তা ব্যক্ত কৰিছে।

কোনে কৰিলে প্ৰফুল্ল মহন্তক অপমান৷ এই প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া হায়ৰাণ হৈ পৰিছে খোদ মহন্তৰ অনুগামী৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক হি’ৰ বনাবলৈ গৈ সমৰ্থকসকল অপ-প্ৰচাৰ কৰিলে নেকি? মহন্তৰ ফটো সম্বলিত ডাক টিকট ডাক বিভাগে মুকলি কৰিছে বুলি কিছুমান ভুৱা ডাক টিকটৰ ফটো প্ৰচাৰ কৰি প্ৰফুল্ল মহন্তক অসম গৌৰৱ আখ্যা দি অপমান কৰিলে নে কি? মাই ষ্টাম্পৰ জৰিয়তে কোনো লোকে ডাক টিকট বনাই ডাক বিভাগে মহন্তৰ নামত ডাক টিকট উলিওৱা বুলি ভুৱা প্ৰচাৰ কৰিলে নে কি?