গুৱাহাটীঃ ঊনবিংশতম বৰ্ষত ভৰি থলে উত্তৰ পূৱ গ্ৰন্থমেলাই। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অহা ৩ নৱেম্বৰৰ পৰা ১৯ নবেম্বৰলৈ হ’বলগীয়া ১৯ সংখ্যক গ্ৰন্থমেলাৰ বিষয়ে অৱগত কৰে সভাৰ সভাপতি অজিত কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে।

লগতে সভাখনত উপস্থিত থাকে মূখ্য উপদেষ্টা গিৰিপদ দেৱচৌধুৰী, ৰাজহুৱা প্ৰচাৰ সমিটিৰ সভাপতি বিমল কুমাৰ হাজৰিকা আৰু উপ সভাপতি ৰাণী গোঁহাই।

১৯ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলাখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই। এইবাৰৰ গ্ৰন্থমেলাত অংশ ল’বলৈ দেশৰ বিভিন্ন ঠাইৰ লগতে বাংলাদেশৰো প্ৰকাশক প্ৰতিষ্ঠানে যোগদান কৰিছে। 

উল্লেখযোগ্য যে এইবাৰৰ গ্ৰন্থমেলাত পোন প্ৰথমবাৰৰ বাবে পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়াই নিজাববীয়াকৈ কিতাপৰ বিক্ৰী কেন্দ্ৰ পাতিব। ৫০ লাখ টকাৰ বাজেটৰ এইবাৰ মেলাত যোৱা বাৰৰ ১০১ খন বিপনীৰ ঠাইত ২২০ খন বিপনী খোলাৰ যো-জা কৰিছে য'ত ৬৫ খন থলুৱা প্ৰকাশন গোষ্ঠীৰ বিপনী থাকিব বুলি জানিব পৰা গৈছে৷