গুৱাহাটীঃ নাগৰিকত্ব আইন সংশোধন কৰি ভাৰত চৰকাৰে বাংলাদেশৰ হিন্দু নাগৰিকক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে অসমৰ সৰ্ব প্ৰকাৰৰ লোকে যোৱা দুটা বছৰে গণ আন্দোলন কৰি অহাৰ পিছতো কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি দলে বাংলাদেশী হিন্দু শৰণাৰ্থীক অসমত আনি বহুৱাবলৈ আকোৰগোঁজ হৈ আছে৷ 

যাৰ ফলত অসমৰ লোকৰ ক্ষোভৰ জুইকুৰা লাহে লাহে পুনৰ জ্বলিব ধৰিছে৷ তাৰ মাজতে দিল্লীত যোৱা ১৭ এপ্ৰিলত সংসদীয় যুটীয়া সমিতিয়ে শুনানি অনুষ্ঠিত কৰে৷ শুনানিত অংশ লৈ অসম সত্ৰ মহাসভাই অসমত হিন্দু নাগৰিকক সংস্থাপনৰ হকে স্মাৰক পত্ৰ দি অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ 

তাৰ মাজতে শুকুৰবাৰে গুৱাহাটীৰ সাংসদ তথা বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে সত্ৰ মহাসভাই হিন্দু নাগৰিকক অসমত বহুৱাব লাগে স্মাৰক পত্ৰ প্ৰদান কৰা কাৰ্যক সমৰ্থন কৰে৷ বিজয় চক্ৰৱৰ্তীয়ে মহানগৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত কয় যে তেঁও নিজে এগৰাকী সত্ৰ মহাসভাৰ সদস্য৷ সত্ৰ মহাসভাই যি কৈছে সেয়া জানিয়েই কৈছে৷ তাত আপত্তি কৰিব লগা একো নাই বুলি মত পোষণ কৰে৷ সভাই বিজেপিক ভাল পালে আপত্তি কৰিবলগীয়া একো নাই বুলি মন্তব্য কৰে বিজেপি নেত্ৰীগৰাকীয়ে। হিন্দু বাংলাদেশীয়ে অসমৰ ক্ষতি নকৰে বুলি কৈ মুছলিম বাংলাদেশীয়ে অসমৰ বাবে বিপদ বুলি যুক্তি সাব্যস্ত কৰিবলৈ চেষ্টা কৰে চক্ৰৱৰ্চীয়ে৷ সংবাদ মেলত কংগ্ৰেছৰ বিৰুদ্ধে ধৰ্ষণ কাণ্ডক লৈ ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে৷