newsnextone.com | গুৱাহাটীঃ সোমবাৰে এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ হোৱাত অসমবাসীয়ে সোমবাৰৰ দিনটো অসমৰ বাবে ঐতিহাসিক দিন ৰূপে মনত ৰাখিব। তাৰ লগে লগে চৰ্চালৈ আহিছে অসম আন্দোলনৰ নেতৃত্ব বহন কৰা আৰু অসম চুক্তিৰ স্বাক্ষৰকাৰী সকলৰ নাম। অসম চুক্তিৰ স্বাক্ষৰকাৰীক ৰাইজে অভিনন্দন যাচিছে। 

তাৰ মাজতে মঙলবাৰে অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিৰাজ কুমাৰ শৰ্মাই মহানগৰীত এখন সংবাদ মেল অনুষ্ঠিত কৰি সোমবাৰৰ দিনটো অসমৰবাসীৰ বাবে ঐতিহাসিক দিন বুলি কয়। 

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কয় যে যোৱা কালিৰ দিনটো অসমৰ ৰাইজৰ বাবে এক ঐতিহাসিক দিন। ১৯৫১ চনত প্ৰথম নাগৰিকপঞ্জী উন্নীত হৈ ওলাইছিল। অসমৰ খিলঞ্জীয়া জনাসাধৰণে বহু বছৰ আগৰে পৰা শংকাত ভূগিব লগা হৈছিল। শংকিত হোৱাৰ বহু কাৰণ আছিল। ইয়াণ্ডাবু সন্ধিৰ সময়ত বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি হৈছিল। বহু বাৰ্মাৰ লোক তেতিয়াৰ অসমলৈ সোমাই আহিছিল।

১৮২৬ চনত চুক্তি স্বাক্ষৰিত হৈছিল। সিন্ধিৰ পিছত অসম বৃটিছৰ অধিনলৈ যোৱাৰ লগতে অসমত বাঙালী ভাষাক চৰকাৰী ভাষা কৰা হৈছিল বুলি কয় মহন্তই। মহন্তই ১৮৪৮ চনত এগৰাকী বৃটিছ চাহাবে প্ৰথম অসমীয়া ব্যাকৰণ উলিওৱা বুলি কয়। ১৮৬৭ চনত প্ৰথম অসমীয়া অভিধান উলিওৱা বুলিও কয় মহন্তই। 

১৮৭২ চনত অসমীয়া ভাষাক অসমীয়া ভাষাৰ মৰ্যদা দিয়া হয়। ১৯৩৭ চনত প্ৰথম মুখ্যমন্ত্ৰী চাৰ চাদুল্লাই অসমত অধিক শস্য উদপাদনৰ লক্ষ্যৰে তেতিয়াৰ  অবিভক্ত পাকিস্তানৰ পৰা মানুহ অনা বুলি কয়। তাৰ পিছতে ১৯৪৭ চনৰ ১৪ আগষ্টত পাকিস্তান আৰু ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হয়। সেই সময়ত কোনে ঠাই কাৰ লগত থাকিব সেই কথা আহি পৰিছিল। সেই সময়ত পশ্চিম বংগৰ একাংশ লোকে গোৱাৰপাৰা জিলাক পশ্চিম বংগৰ সৈতে চামিল কৰিব বিচাৰিছিল।

আৰএছএছ প্ৰধান শ্যমা প্ৰসাদ মুখাৰ্জীয়ে অসমলৈ আহি ইয়াৰ বাঙালী ভাষীক অসমৰ ভাষা, সংস্কৃতি, সাহিত্য শিকিবলৈ কৈছিল। ১৯৬২ চনত চীনৰ সৈতে যুদ্ধৰ সময়ত অসমৰ বিভিন্ন ঠাইত পাকিস্তানৰ পতাকা উৰুওৱা হৈছিল। ১৯৬৩ চনত জৱাহৰলাল নেহেৰুৱে প্ৰধানমন্ত্ৰী হৈ থকাৰ কালত পুনৰ এখন বিধেয়ক আইনত পৰিণত কৰি পাকিস্তানৰ পৰা অহা নাগৰিকক নাগৰিকত্ব দিছিল। তাৰ পিছত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ কথা ওলাইছিল আৰু সেই সময়ত বহু লোক অসমত বিশ্বিদ্যালয়ত হোৱাত বাধা দিছিল।

 ইমানে আন একাংশ লোকে অসমত থাকিও অসমীয়া ভাষাৰ বিৰোধিতা কৰি গৈছিল। ১৯৭৪ চনত আছুৰ নেতৃত্বত এনেবোৰ কাৰণতে ২১ দফীয়া দাবী গ্ৰহণ কৰা হৈছিল আৰু সেই দবীক লৈ প্ৰতিবাদ কৰা হৈছিল। ১৯৭৮ চনত আছুৱে ভোটাৰ তালিকাৰ পৰা অবৈধ নাগৰিকক বহিষ্কাৰ কৰা বাবে দিল্লীৰ জনতা দলৰ চৰকাৰক দাবী জনাইছিল। ১৯৭৯ চনত ভোটাৰ তালিকা উন্নীত কৰা হৈছিল আৰু সেই সময়তে খোদা নিৰ্বাচন আয়ুক্তই কৈছিল অসমৰ ভোটাৰ তালিকাত লাখ লাখ বিদেশী মানুহৰ সোমাইছে। ১৯৭৯ চনত কেৱল মঙলদৈ সমষ্টিতে ৭০ হাজাৰ বিদেশীৰ নাম সোমাৱা বুলি সন্দেহ কৰা হৈছিল আৰু তেতিয়াই অসম আন্দোলান আৰম্ভ হৈছিল।