newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে স্বাস্থ্য সুবিধাৰ বিষয়ে নমো এপৰ জৰিয়তে দেশৰ কেইবাটাও অঞ্চলৰ লোকৰ সৈতে বাৰ্তালাপ কৰে৷ বাৰ্তালাপত প্ৰত্যেকগৰাকী ভাৰতীয়ক প্ৰয়োজনীয় স্বাস্থ্য সুবিধা প্ৰদান কৰাৰ বাবে চৰকাৰে অহৰহ চেষ্টা চলাইছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, দৰৱৰ মূল্যৰ বাবে সাধাৰ দৰিদ্ৰ লোকে ঔষধ লাভ কৰিব নোৱাৰে৷ কিন্তু ভাৰতীয় জন ঔষধী যোজনাৰ দ্বাৰা দেশৰ অনেক লোক লাভাম্বিত হৈছে৷
চৰকাৰে ঔষধৰ ৰাজ্যিক দৰত ৰেহাই ব্যৱস্থা কৰা বাবে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয় কম মূল্যতে ঔষধ লাভ কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে নৰন্দ্ৰ মোডীয়ে৷
ইফালে স্বাস্থ্যকৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত স্বচ্ছ ভাৰত অভিযানে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে বুলি কয় মোডীয়ে৷ তেওঁ ২০২৫ চনৰ ভিতৰত ভাৰতৰ পৰা যক্ষ্মা ৰোগ সমুলঞ্চে নিৰ্মূল কৰাৰ লক্ষ্য থিৰ কৰিছে বুলি কয়৷
আনহাতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ২১ জনত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মন্তব্য প্ৰকাশ কৰি কয় যে সকলোৱ যোগ অভ্যায় কৰিব লাগে আৰু যোগক জীৱনৰ অংশ কৰি লোৱা উচিত৷