নতুন দিল্লীঃ দলীয় সমৰ্থকসকলক অৱশেষত আকাংক্ষিত খবৰটো দিলে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। আজি দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ লগতে ১৫খন ৰাজ্যৰ ৪৮খন বিধানসভা আৰু দুখন লোকসভা আসনৰ উপ-নিৰ্বাচনৰ সময়সূচী।
এই উপ-নিৰ্বাচনতে কেৰালাৰ ৱায়নাড লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে প্ৰিয়ংকা গান্ধী ভাদ্ৰাক। ইয়াৰ লগে লগে নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ ঘটে গান্ধী পৰিয়ালৰ আন এজন সদস্যৰ।
উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু কেৰালাৰ ৱায়নাড আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দুয়োখন আসনতে জয়লাভ কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। পৰৱৰ্তী পৰ্যায়ত তেওঁ ৰায় বৰেলী সমষ্টি নিজৰ লগত ৰাখি ৱায়নাড আসনখন এৰি দিয়ে। যাৰ বাবে এই আসনখনৰ বাবে অহা ১৩ নৱেম্বৰত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব নিৰ্বাচন আয়োগে।
ৰাজনীতিৰ পথাৰত বহু পূৰ্বেই প্ৰিয়ংকা গান্ধীৰ প্ৰৱেশ ঘটিছিল যদিও প্ৰতিদ্বন্দ্বিতাৰ ৰণাংগনত তেওঁ অৱতীৰ্ণ হোৱাক লৈ দীৰ্ঘদিনৰ পৰাই জল্পনা-কল্পনা চলি আহিছিল। শেহতীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে আমেথি আসন এৰি ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণৰ পিছত আমেথিত স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব পাৰে বুলি জল্পনা-কল্পনা চলা দেখা গৈছিল।
কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছে এই আসনখনৰ পৰা গান্ধী পৰিয়ালৰ ঘনিষ্ঠ হিচাপে পৰিচিত কিশোৰী লাল শৰ্মাক থিয় কৰায় আৰু তেওঁ স্মৃতি ইৰাণীক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হ’বলৈও সক্ষম হয়। মন কৰিবলগীয়া যে, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ গঠনৰ কৃতিত্ব প্ৰিয়ংকা গান্ধীক প্ৰদান কৰিব বিচাৰে দলৰ নেতা-কৰ্মীয়ে।
কংগ্ৰেছৰ ৰাজনীতিত এগৰাকী শক্তিশালী নেত্ৰী হিচাপে পৰিগণিত হোৱা প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী ৰাজনীতিত নমাৰ দাবী কৰি আহিছিল বহু দলীয় নেতা-কৰ্মীয়ে। এনে পৰিপ্ৰেক্ষিততে ৰাহুল গান্ধীয়ে ৰায়বৰেলীৰ আসনখন ৰাখি ৱায়নাড আসন এৰি দিয়াত উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থিত্ব প্ৰদানক লৈ পুনৰ জল্পনা-কল্পনা আৰম্ভ হয়।
অৱশেষত এই জল্পনা-কল্পনাক সত্য প্ৰমাণিত কৰি ৱায়ানাডৰ পৰা প্ৰিয়ংকাক প্ৰাৰ্থিত্ব প্ৰদান কৰে কংগ্ৰেছ নেতৃত্বই। নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰত থাকি দলৰ হৈ প্ৰচাৰ কৰি অহা প্ৰিয়ংকা গান্ধীয়ে এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈ নিজে কেনেদৰে আগবাঢ়ে সেয়া লক্ষণীয় হ’ব।