কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত বডোলেণ্ড বিশ্ববিদ্যালয় চৌহদত আজি বডোলেণ্ড বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° হেমন্ত কুমাৰ বৰুৱাৰ বিৰুদ্ধে ধৰ্ণা প্ৰদান কৰে।
বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শেখৰ ব্ৰহ্ম আৰু কলেজ আৰু বিশ্ববিদ্যালয় উন্নয়ন পৰিষদৰ(চিইউডিচি) সঞ্চালক ড° দীননাথ বসুমতাৰীৰ বিৰুদ্ধে উপাচাৰ্যগৰাকীয়ে পক্ষপাতমুলক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগেৰে আজি বিশ্ববিদ্যালয় ছাত্ৰ গোটৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ একাংশই ভিচি হায় হায় , ভিচি গ' বেক আদি ইত্যাদি শ্লোগানেৰে বিশ্ববিদ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে।
উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত বিশ্ববিদ্যালয় ছাত্ৰ গোটৰ সাধাৰণ সম্পাদক ৰঞ্চাই খুংগুৰ বসুমতাৰীয়ে ছাত্ৰ সমাজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত শেখৰ ব্ৰহ্ম আৰু দীননাথ বসুমতাৰীক পূৰ্বৰ পদতে বাহাল ৰাখিবলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে পঞ্জীয়ক ড° শেখৰ ব্ৰহ্ম আৰু চিইউডিচিৰ সঞ্চালক ড° দীননাথ বসুমতাৰীক কিছুদিন পূৰ্বে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য বানোৱাৰী লাল পুৰোহিতে তেওঁলোকক সংশ্লিষ্ট পদৰ পৰা অব্যাহতি দিবলৈ উপাচাৰ্যক এক নিদেৰ্শনা পত্ৰ প্ৰেৰণ কৰে।
ৰাজ্যপালে এক নিৰ্দেশনা যোগে ড°শেখৰ ব্ৰহ্ম আৰু ড° দীননাথ বসুমতাৰীক ৬০ বছৰ অতিক্ৰম কৰাৰ বাবেই অব্যাহতি দিয়া বুলি প্ৰকাশ পাইছে । আনহাতে অব্যাহতি পত্ৰ লাভ কৰা ড° শেখৰ ব্ৰহ্ম আৰু ড° গোপীনাথ বসুমতাৰীয়ে তেওঁলোক নিয়মানুযায়ী ৬২ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিব পাৰে বুলি দাবী কৰিছে আৰু প্ৰয়োজন সাপেক্ষে আইনৰ দ্বাৰস্থ হ'ব বুলি সদৰী কৰিছে।
আনহাতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হেমন্ত কুমাৰ বৰুৱাই পঞ্জীয়ক আৰু চিইউডিচিৰ সঞ্চালককৰ বিৰুদ্ধে কোনোধৰণৰ পক্ষপাতমুলক ভূমিকা গ্ৰহনৰ কথা একমুখে অস্বীকাৰ কৰি মহামহিম ৰাজ্যপাল তথা আচাৰ্যই এক নিৰ্দেশনা যোগে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° শেখৰ ব্ৰহ্ম আৰু চিইউডিচিৰ সঞ্চালক ড° দীননাথ বসুমতাৰীক অপসাৰণ কৰিবলৈ পত্ৰযোগে এক নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ পালন কৰিবলৈ তেওঁ বাধ্য বুলি বুলি মন্তব্য কৰিছে ।