ছিপাঝাৰঃ নিৰ্বাচন পাৰ হ'লে গাঁৱলৈ নাহে বিধায়ক বিনন্দ শইকীয়া৷ পথত গাঁত থকা বাবেই গাঁৱলৈ নাহে ছিপাঝাৰ সমষ্টিৰ বিধায়কজন।
এই অভিযোগ ছিপাঝাৰ সমষ্টিৰ লোজোৰা পাথৰিঘাট-জলজলী গড়কাপ্তানী পথৰে আহ-যাহ কৰা প্ৰতিজন লোকৰ।
পথটোত যাতায়াতৰ বাবে অৱস্থা নোহোৱা হৈ থকাৰ মাজতে পথৰ সোমাজত প্ৰকাণ্ড গাঁত হোৱাত ৰাইজে বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে৷
পথটোৰে লোজোৰা, কৈকৰা, ঘিলাকুৰি, আঠকুৰিয়া আদি গাঁৱৰ লোকৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে আহ-যাহ কৰে যদিও বিধায়কে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে৷
পথটো শীঘ্ৰে মেৰামতি কৰাৰ বাবে বিধায়ক বিনন্দ শইকীয়াক দাবী জনায় ৰাইজে৷ কিছুদিন পূৰ্বে পথটোত দুৰ্ঘটনা সংঘটিত হৈ স্কুলীয়া ছাত্ৰ আহত হবলগীয়া হৈছিল৷
ইপিনে পথটোত প্ৰকাণ্ড গাতৰ সৃষ্টি হোৱাত গাড়ী-মটৰ চলাচল কৰাটো দূৰৰে কথা খোজকাঢ়ি যোৱাৰ পৰিৱেশো নোহোৱা হৈছে৷
অঞ্চলটোৰ ৰোগীক চিকিৎসালয়লৈ নিবৰ বাবে এশ বাৰ চিন্তা কৰিব লগা হয়৷ সেয়ে বিধায়ক বিনন্দক বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত হোৱা সমস্যাক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে।