ডিজিটেল ডেস্কঃ ৰাজহুৱা স্থানত সুৰক্ষিত নহয় নাৰী৷ চিটি বাছতে হওঁক বা ৰেল যাত্ৰাতে হওঁক, নাৰী সদায় অসুৰক্ষিত৷ পুৰুষৰ লোভৰ দৃষ্টিয়ে সদায় নাৰীৰ দেহৰ মঙহ চেলেকি খাব বিচাৰে৷ শেহতীয়াকৈ এই কথা প্ৰকাশ কৰিছে এগৰাকী মহিলা বিজেপি সাংসদে৷
সোমবাৰে আহমেদাবাদৰ আই আই এমৰ এখন সভাত অংশ লৈ মহাৰাষ্ট্ৰ বিজেপি সাংসদ তথা বিজেপি নেতা প্ৰমোদ মহাজনৰ কন্যা পুনম মহাজনে নাৰী নিৰ্যাতনৰ কথা উল্লেখ কৰি নিজেও কেইবাবাৰো পুৰুষৰ কু-দৃষ্টিৰ চিকাৰ হোৱাৰ কথা স্বীকাৰ কৰে৷
সাংসদ গৰাকীয়ে কয়, ‘‘সেই সময়ত যেতিয়া যাতায়তৰ বাবে পৰ্যাপ্ত গাড়ী নাছিল, মই লোকেল ট্ৰেইনতে অহা-যোৱা কৰিছিলো৷ আৰু তেতিয়া ট্ৰেইনৰ ভিতৰত বহু লুভীয়া পুৰুষৰ চাৱনীয়ে মোক বাহিৰৰ পৰা কুৰুকি শেষ কৰিব বিচাৰিছিল৷’’
লগতে সাংসদ গৰাকীয়ে নাৰী নিৰ্যাতন ৰোধ কৰাৰ বিষয়ে কৈ নাৰী সকলক সাহসী হ’বলৈ আহ্বান জনায়৷ তেওঁ কয়, ‘‘আমি দুৰ্বল হ’ব নালাগিব৷ আমাক নিৰ্যাতন কৰা সকলক উচিত প্ৰত্যুত্তৰ দিব পৰা ক্ষমতা আমাৰো আছে৷ আমি কেৱল সাহসী হোৱা প্ৰয়োজন৷ তেনে ব্যভিচাৰী মনৰ লোক সকলক ভয় নকৰি যদি প্ৰত্যেক নাৰীয়ে সিহঁতক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ থাকে, তেন্তে কোনো পুৰুষেই নাৰীৰ ওপৰত কু দৃষ্টি পেলাবলৈ সাহস নকৰিব৷’’
আনহাতে নাৰী অধিকাৰৰ ক্ষেত্ৰতো অফচোচ প্ৰকাশ কৰে বিজেপি সাংসদগৰাকীয়ে৷ নাৰী অধিকাৰৰ ক্ষেত্ৰত তেওঁ কয়, ‘‘দেশৰ সকলো দিশতে নাৰীক সম অধিকাৰ প্ৰদান কৰা হোৱা নাই৷ বিশেষকৈ ৰাজনীতিৰ ক্ষেত্ৰত নাৰীতকৈ পুৰুষৰ অধিকাৰ বেছি৷ ৰাজনীতিত পুৰুষৰ বাবে যিমান খিনি আসন সংৰক্ষণ কৰা আছে, তাৰ তুলনাত নাৰীৰ বাবে সংৰক্ষিত আসন নিচেই সীমিত৷’’
উল্লেখ্য যে, সাংসদ পুনম মহাজনৰ মন্তব্যই সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰাৰ লগতে নাৰী সৱলীকৰণৰ ক্ষেত্ৰতো সকলো নাৰীক উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে৷