বিতৰ্কত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী
ৰাষ্ট্ৰীয় সংগীতক অপমান কৰাৰ অভিযোগ তুলিলে বিজেপিয়ে
‘আমি তেওঁক ৰাজকুমাৰ বুলি সন্মান যাচোঁ৷ কিন্তু তেওঁৰ ইচ্ছা মতেই ৰাষ্ট্ৰীয় সংগীতৰ সংশোধন কৰিব পাৰি জানো?’
'ৰাহুল গান্ধীৰ ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান নাই'
ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধাসনভাৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী৷ শুকুৰবাৰে কৰ্ণাটকত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘বন্দে মাতৰম’ক অপমান কৰা এক ভিডিঅ’ প্ৰচাৰ হয়৷ ভিডিঅ’টো প্ৰচাৰ হোৱাৰ পিছতে ৰাহুলৰ বিৰুদ্ধে সৰৱ হৈ উঠে বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা৷
#KarnatakaKurukshetra: #RaGaInsultsVandeMataram, directs #KCVenugopal to cut short the national song during a public rally in #DakshinaKannada. pic.twitter.com/7a6wDQMTs9
— NEWS9 (@NEWS9TWEETS) April 27, 2018
ভিডিঅ’টোত দেখিবলৈ পোৱা মতে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ৰেলীৰ মঞ্চত কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে কৰ্ণাটকৰ কংগ্ৰেছৰ মহাসচিব কে চি বেনুগোপালক বাৰে বাৰে হাতৰ ঘড়ীটো দেখুৱাই আছে৷ যাৰ দ্বাৰা অনুষ্ঠান শীঘ্ৰে সামৰণি পেলাবলৈ ইংগিত দি থকা যেন অনুভৱ হয়৷
অনুষ্ঠানখনত ৰাহুল গান্ধীৰ সৈতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া সহ আন কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল৷ ৰাহুল গান্ধীৰ অনুষ্ঠাৰ সামৰিবৰ বাবে দিয়া ইংগিতৰ পাছতে এজন ব্যক্তিয়ে ‘বন্দে মাতৰম’ গাই থকা গায়কজনক ৰাষ্ট্ৰীয় সংগীতটোৰ এটা শাৰী গায়ে গানটো সামৰিবলৈ নিৰ্দেশ প্ৰদান কৰা ভিডিঅ’ যোগে ভাইৰেল হৈ পৰে৷
ভিডিঅ’টো এটা স্থানীয় সংবাদমাধ্যমযোগে প্ৰচাৰ হোৱাৰ পিছতে বিজেপিয়ে ৰাহুল গান্ধীৰ তীব্ৰ সমালোচনা কৰি কয় যে ৰাহুল গান্ধীৰ ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান নাই৷ ইফালে বিজেপিৰ সমালোচনাৰ পিছত কংগ্ৰেছে ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰি এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে৷
বিজেপিয়ে ৰাহুল গান্ধীৰ কাৰ্য ৰাষ্ট্ৰবিৰোধী বুলি এক টুইটযোগে অভিযোগ কৰে৷ বিজেপিয়ে কয় যে যিগৰাকী ব্যক্তিয়ে ৰাষ্ট্ৰ সংগীতক সন্মান কৰিব নাজানে তেওঁৰ পৰা দেশৰ জনতাই কি আশা কৰিব পাৰে৷
Rahul Gandhi directs to cut Vande Mataram to a single line during a public rally in Karnataka ..now this is why we call Him “Sahzada” ..His sense of entitlement is appalling..thinks this country is family property..can at his wish amend the National Song? https://t.co/aqQHP7CRpn
— Sambit Patra (@sambitswaraj) April 27, 2018
ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰে এটা টুইটত ৰাহুলক তীব্ৰ সমালোচনা কৰে৷ তেওঁ লিখে- আমাৰ দৰে সাধাৰণ জনতাই ‘জননী জন্মভূমিচ্ছ স্বৰ্গদপী গৰিয়সী’ বুলি বকু ফিন্দাই কওঁ৷ তাৰ বিপৰীতে এজন অহংকাৰী আৰু অজ্ঞানী লোকে ‘বন্দে মাতৰম’ গাই থকা সময়ত সোনকালে শেষ কৰিবলৈ কয়৷
বিজেপিৰ প্ৰবক্তা সন্বিত পাত্ৰাই কয়- ‘আমি তেওঁক ৰাজকুমাৰ বুলি সন্মান যাচোঁ৷ ৰাহুলে টুইটত কৈছিল যে তেওঁ এই দেশখনক তেওঁৰ পৰিয়ালৰ সম্পত্তি বুলি ভাৱে৷ কিন্তু তেওঁৰ ইচ্ছা মতেই ৰাষ্ট্ৰীয় সংগীতৰ সংশোধন কৰিব পাৰি জানো?’
বিজেপিৰ এনে তীব্ৰ সমালোচনাৰ পিছত কংগ্ৰেছে ভিডিঅ’টো ভুৱা বুলি দাবী কৰি বিজেপিয়ে ৰাহুল গান্ধীক সমালোচনাৰে আগন্তক কৰ্ণাটক নিৰ্বাচনত প্ৰভাৱ পেলাব বিচাৰিছে বুলিও অভিযোগ কৰে৷