newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এখন পত্ৰ লিখি মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন কৰাৰ কথা উল্লেখ কৰা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, ৰাহুলে নিজৰ পত্ৰ যোগে সদনত কংগ্ৰেছৰ সকলো সাংসদে মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন কৰিব বুলি কয়৷ 

বিজেপিয়ে তিনি তালাক বিধেয়কৰ লৈ যেনেদৰে সক্ৰিয় হৈ পৰিছে তেনেদৰে মহিলা সংৰক্ষণ বিধেয়কক লৈ গুৰুত্ব প্ৰদান নকৰাত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক পত্ৰ লিখা কাৰ্যক একপ্ৰকাৰ বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনোৱাৰ দৰেই হোৱা বুলি চৰ্চা হৈছে৷ 

বিজেপি চৰকাৰে তিনি তালাক বিধেয়ক সন্দৰ্ভত বিৰোধী দলৰ পৰা সহযোগ কামনা কৰি আহিছে কিন্তু মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবৰ বাবে চৰ্চা কৰা নাই৷ সংসদৰ বৰ্ষাকালীন অধিবেশন অহা ১৮ জুলাইৰ পৰা ১০ আগষ্টলৈ অনুষ্ঠিত হ’ব৷ বৰ্ষাকালীন অধিবেশনত তিনি তালাক সন্দৰ্ভৰ বিধেয়ক চৰ্চাৰ বাবে উত্থাপন কৰিব৷ 

ৰাহুল গান্ধীয়ে সংসদ আৰু বিধানসভাত মহিলাৰ ৩৩ শতাংশ আসন সংৰক্ষণ লাভ কৰিব লাগে বুলি কয়৷ ইয়াৰ পূৰ্বেও ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে পত্ৰ লিখি বিধেয়কক সমৰ্থন কৰাৰ কথা উল্লেখ কৰিছিল৷ 

উল্লেখ্য যে, মহিলা সংৰক্ষণ বিধায়ক যোৱা কেইবাবছৰ ধৰি সংসদত ৰৈ আছে৷ ১৯৯৬ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ কাৰ্যকালত এইখন বিধেয়ক উত্থাপন কৰিছিল৷ ২০১০ চনত ৰাজ্য সভাত বিধেয়ক গৃহীত হৈছিল যদিও লোকসভাত গৃহীত হোৱা নাছিল৷ জানিব পৰা মতে, মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবৰ বাবে সংবিধান সংৰক্ষণ কৰিব লাগিব৷ দেশৰ বিভিন্ন দলে মহিলাৰ বাবে আসন সংৰক্ষণৰ দাবী উত্থাপন কৰি আহিছে৷