মোডী চৰকাৰৰ বিৰুদ্ধে ৰাজঘাটত অনশনত বহিল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী, বাপুক যাচিলে শ্ৰদ্ধাঞ্জলি

Printer-friendly versionSend by email

ডিজিটেল ডেস্কঃ দেশৰ দলিত, আদিবাসী আৰু সংখ্যালঘুক অত্যাচাৰ সন্মুখিন হোৱাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে দিল্লীৰ ৰাজঘাটত অনশনত বহে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে। কংগ্ৰেছে শান্তি আৰু সমন্বয় বিচাৰে বুলি কৈ অনশনত বহে ৰাহুল গান্ধীয়ে।

নৰেন্দ্ৰ মোডী চৰকাৰক 'বিফল’ আৰু সংসদ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে অনশনত বহে। অনশনত বহাৰ পূৰ্বে বাপু মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি যাঁচে৷

'ৰাষ্ট্ৰবাদ’ অনশন নামকৰণ কৰি দেশব্যাপি এই অনশন পালন কৰে কংগ্ৰেছে। কেইবাগৰাকী ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত ৰাহুল গান্ধীয়ে অনশন কৰি বিজেপিৰ বিৰুদ্ধে সাম্প্ৰদায়িক সৌহাৰ্দ আৰু সমাজত শান্তি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে।

কংগ্ৰেছে সাম্প্ৰদায়িক সৌহাৰ্দ আৰু সমাজত শান্তি বৰ্তাই ৰাখিবলৈ ৰাজঘাটত দলৰ মুৰব্বী ৰাহুল গান্ধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাল লগতে সকলো সমগ্ৰ দেশৰ ৰাজ্যৰ জিলা সদৰত এই কাৰ্যসূচী ৰূপায়ন কৰে।

দিল্লী কংগ্ৰেছৰ সভাপতি অজয় মাকনৰ উপস্থিতিত শান্তি ভংগ, দলিত, আদিবাসী, সংখ্যালঘু অত্যাচাৰ, চিবিএছচিৰ প্ৰশ্ন কাকত ফাদিল, পাঞ্জাৱ নেচ’নেল বেংক ঘোটালা, কাবেৰী বিষয়, অন্ধ্ৰপ্ৰদেশ ৰাজ্যক বিশেষ ৰাজ্য প্ৰদানৰ দাবীত আৰু এনে বিষয়বোৰ সদনত আলোচনাৰ কৰাত চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি অনশন কৰে কংগ্ৰেছে৷

প্ৰতিখন ৰাজ্যলৈ একোখন নিৰ্দেশ পত্ৰ প্ৰেৰণ কৰি শান্তি আৰু সৌহাৰ্দ এই খন দেশৰ আত্মা আৰু ইয়াক ৰক্ষা কৰা আৰু বৰ্তাই ৰখাৰ দায়িত্ব কংগ্ৰেছৰ বুলি কয় ৰাহুলে৷ সমাজৰ সকলো প্ৰকাৰৰ লোকক লগত লৈ প্ৰতিখন ৰাজ্যত এই কাৰ্যসূচী পালন কৰিবলৈ কয় ৰাহুল গান্ধীয়ে৷

আনহাতে কংগ্ৰেছৰ বিৰুদ্ধে ১২ এপ্ৰলিত শাসকীয় বিজেপিয়ে দেশব্যাপি প্ৰতিবাদ সাব্যস্ত কৰিব৷ শাসকীয় দলটোৱে সংসদত হৈ-হাল্লাৰ বাবে সংসদৰ বাজেট অধিবেশন বিৰোধীয়ে সূচাৰুৰূপে চলাব নিদিয়াৰ অভিযোগ উত্থাপন কৰি অনশনত বহিব৷