newsnextone | ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষা ৰাজনৈতিক মহলত চৰ্চিত হৈ পৰিছে৷ মহাৰাষ্ট্ৰৰ বিজেপি সহযোগী দল শিৱসেনাই ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষা প্ৰকাশ কৰাটো নৈতিক অধিকাৰ বুলি মন্তব্য কৰে৷ আৰু ইয়াৰ বাবে কোনেও ৰাহুল গান্ধীক ইতিকিং কৰাটো সঠিক নহয় বুলিও মন্তব্য কৰে শিৱসেনাই৷ শিৱসেনাৰ ৰাজ্য সভাৰ সদস্য সঞ্জয় ৰাউতে কয় যে তেওঁলোকেও এনচিপিৰ অধ্যক্ষ শৰদ পাৱাৰক প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য প্ৰাৰ্থী বুলি ভাৱে৷
উল্লেখ্য যে, কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে সাংবাদিকৰ প্ৰশ্নত ২০১৯ চনত কংগ্ৰেছে দেশৰ শাসনভাৰ দখল কৰিলে প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ্ণাটকৰ বীদৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে ৰাহুল গান্ধীক ইতিকিং কৰি কয় যে ৰাহুল গান্ধীয়ে ভৱাৰ ধৰে প্ৰধানমন্ত্ৰীৰ পদ গান্ধী পৰিয়ালৰ বাবে সংৰক্ষিত নহয়৷
প্ৰধানমন্ত্ৰীৰ এই ভাষ্যৰ পিছতে মহাৰাষ্ট্ৰৰ বিজেপিৰ মিত্ৰশক্তিৰ নেতা সঞ্জয় ৰাউটে কয়, ‘‘গনতন্ত্ৰই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষা প্ৰকাশ কৰাৰ সম্পূৰ্ণ অধিকাৰ দিছে৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাহুল গান্ধীক ইতিকিং কৰাটো ভুল হৈছে৷ ২০১৪ চনত বহু কেইজন বিজেপিৰ জ্যেষ্ঠ নেতাই লালকৃষ্ণ আদৱানীক প্ৰধানমন্ত্ৰীৰ আসনত বিছাৰিছিল৷ কিন্তু ইয়াৰ পিছতো নৈতিক অধিকাৰৰ বাবেই নৰেন্দ্ৰ মোডী আজি প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব পাৰিছে৷ সেই কথা হয়তো নৰেন্দ্ৰ মেডীয়ে পাহৰিছে৷’’
ৰাউটে পুনৰ কয়, ‘‘ৰাহুল গান্ধীক ইতিকিং কৰি থকাতকৈ যদি শক্তি আছে নিৰ্বাচনত ৰাহুল গান্ধীক হৰুৱাই দেখুৱাওক নৰেন্দ্ৰ মোডীয়ে৷’’ আনহাতে কংগ্ৰেছ ভাৰতৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল বুলি উল্লেখ কৰি ৰাউটে ২০১৪ত দেশত পৰিস্থিতি সঠিক নহোৱাৰ বাবেহে কংগ্ৰেছ জয়যুক্ত হ’ব নোৱাৰিলে বুলিও মন্তব্য কৰে৷