newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে বুধবাৰে নিজ সংসদীয় সমষ্টি আমেঠি ভ্ৰমণ কৰে৷ কংগ্ৰেছৰ নেতাকৰ্মীৰে সৈতে যোৱা ৪ মে’ত হাৰ্ট এটেকত মৃত্যুক আকোৱালি লোৱা কৃষকৰ পৰিয়ালক সাক্ষাৎ কৰে৷ 

ৰাহুল গান্ধীয়ে পুৱাই লক্ষ্নৌৰ বিমান বন্দৰত উপস্থিত হয় আৰু তাৰ পৰা ফূৰ্চতগঞ্জলৈ গৈ হাৰ্ট এটেকত মৃত্যু হোৱা কৃষক পৰিয়ালক সাক্ষাৎ কৰে৷ জিলা কংগ্ৰেছৰ অধ্যক্ষ যোগেন্দ্ৰ মিশ্ৰাৰ সৈতে ৰাহুল গান্ধীয়ে পৰিয়ালত উপস্থিত হৈ দীৰ্ঘদিন সময় ধৰি আলোচনাত মিলিত হয় ৰাহুল গান্ধীয়ে৷  

বুলেট ট্ৰেইন সন্দৰ্ভত বিজেপি চৰকাৰক আক্ৰমণ কৰে৷ ৰাহুলে কয় যে ইয়াক বুলেট ট্ৰেইন বুলি কব নোৱাৰি৷ ইয়াক এক যাদু বুলি কওক৷ ইয়াৰ নিৰ্মাণ কেতিয়াও নহয় বুলি কয় ৰাহুল গান্ধীয়ে৷