নতুন দিল্লীঃ শেষতীয়া নিৰ্বাচনত বি জে পিৰপৰা শাসনভাৰ আঁজুৰি অনা মধ্যপ্ৰদেশ, ৰাজস্থান আৰু চত্তীশগড়ত পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে কংগ্ৰছৰ সভাপতি ৰাহুল গান্ধীয়ে এক অত্যাধুনিক অথচ গণতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰিছে।

পদ্ধতিটো গণতান্ত্ৰিক আৰু ই গোপন বেলটৰ দৰে কাম কৰিছে। যোৱা ২৪ ঘণ্টাত ৰাহুল গান্ধীৰপৰা এটা অডিঅ’ বাৰ্তা ৰাজ্য তিনিখনৰ ৭.৩ লাখ দলীয় কৰ্মীয়ে লাভ কৰিছে৷ সম্পূৰ্ণ গোপনীয়তা ৰক্ষাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ পচন্দৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম সোধা হৈছে৷

অডিঅ’টোত ৰাহুল গান্ধীয়ে এনেদৰে কোৱা শুনা গৈছে, ‘এতিয়া মই আপোনাক এটা প্ৰশ্ন কৰিমঃ মুখ্যমন্ত্ৰী কোন হোৱা উচিত? অনুগ্ৰহ কৰি এটা নাম উল্লেখ কৰক৷ আপুনি কোৱা নামটো একমাত্ৰ মইহে জানিম৷ দলৰ আন কোনো মানুহে সেয়া গম নাপায়৷ অনুগ্ৰহ কৰি ম’বাইলত বীপ (beep) কৰাৰ পাছতে নামটো উল্লেখ কৰক৷’  

কংগ্ৰছৰ সূত্ৰই প্ৰকাশ কৰা মতে, এনে পদ্ধতিয়ে এই তিনি ৰাজ্যত মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাত সহায়ক হ’ব৷

মন কৰিবলগীয়া যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা কংগ্ৰেছৰ সভাপতিজনে ‘দেশৰ জনতাৰ মতামত জনাটো নেতাৰ বাবে গুৰুত্বপূৰ্ণ’ বুলি মন্তব্য কৰিছল৷ এই মন্তব্যৰ পাছত ৰাহুল গান্ধীৰ মুখ্যমন্ত্ৰী বাছনিৰ এই পন্থা তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷