ডিজিটেল ডেস্কঃ প্ৰাৰ্থী জনতা দলৰেই হওক বা বিজেপি-কংগ্ৰেছৰেই হওক, ৰাজ্যসভাত ওপৰলৈ শিল এটা দলিয়ালে সেয়া গৈ কোটিপতিৰেই যে মূৰত পৰিব সেয়া খাটাং হোৱাৰ দিশে আগবাঢ়িছে। এছচিয়েছন অফ ডেমক্ৰেটিক ৰিফৰ্মছ নামৰ সংস্থা এটাই শেহতীয়াকৈ প্ৰকাশ কৰি উলিওৱা প্ৰতিবেদন মতে শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ এশজনৰ ভিতৰত সাতাশীজনেই সম্পত্তিৰ জখলাত লাখৰ ঘাই এৰি কোটিৰ ঘাইত বহিছে। 

শুকুৰবাৰে ১৬ খন ৰাজ্যৰ ৬৪ গৰাকী প্ৰাৰ্থীক লৈ ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৮৭ শতাংশ প্ৰাৰ্থীয়ে কোটিপতি বুলি জানিব পৰা গৈছে দাখিল কৰা শপতনামাৰ ভিত্তিত৷ এছচিয়েছন অফ ডেমক্ৰেটিক ৰিফৰ্মছে প্ৰাৰ্থীসকলৰ সম্পত্তিৰ তালিকা প্ৰকাশ কৰি উলিয়ায়৷ 

প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য অনুসৰি সমাজবাদী পাৰ্টিৰ নিৰ্বাচনৰ প্ৰাৰ্থী জয়া বচ্চনৰ সম্পত্তি ১,০০১ কোটিতকৈ অধিক। জনতা দল ছেকুলাৰৰ বি এম ফাৰুকৰ সম্পত্তি ৭৬৬ কোটিতকৈ অধিক। কংগ্ৰেছৰ অভিষেক মনু সিংহী আৰু আৰু টিডিপিৰ চি এম ৰমেশো পিছ পৰি ৰোৱা নাই তালিকাত। দুয়োজনৰে সম্পত্তিৰ পৰিমাণ ক্ৰমে  ৬৪৯ আৰু ২৫৮ কোটি। তালিকাৰ শীৰ্ষস্থানত আছে জেডিইউৰ প্ৰাৰ্থী মহেন্দ্ৰ সিং৷ সিঙৰ সম্পত্তিৰ পৰিমাণ হ’ল ৪,০৭৮ কোটি৷ 

আনহাতে বিজু জনতা দলৰ নেতা অচ্যুতানন্দ সামনতাৰ সম্পত্তিৰ পৰিমাণ হ’ল সৰ্বনিম্ন৷ অচ্যুতানন্দই দাখিল কৰা শপতনামাৰ ভিত্তিত প্ৰাৰ্থীগৰাকীৰ সম্পত্তি হ’ল ৪.৯৬ লাখ৷ উল্লেখ্য ডে এডিআৰৰ প্ৰকাশিত তথ্য অনুসৰি ১৬ গৰাকী প্ৰাৰ্থীৰ নামত অপৰাধীৰ গোচৰ থকাৰ লগতে ৮ গৰাকীৰ নামত অপহৰণ, হত্যা, লুট-পাত, ডকাইতিৰ অপৰাধৰ গোচৰ চলি আছে৷

নিৰ্বাচনৰ বাবে ৬৪ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা তথ্য বিশ্লেষণ কৰি জানিব পৰা গৈছে যে বিজেপিৰ ২৯ গৰাকীৰ ভিতৰত ২৬ গৰাকী, কংগ্ৰেছৰ ১১ৰ ভিতৰত ১০, তৃণমূল কংগ্ৰেছৰ ৪ৰ ভিতৰত ৩, তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ ৩, জনতা দল ইউনাইটেডৰ ২, আৰু সমাজবাদী পাৰ্টিৰ একমাত্ৰ প্ৰাৰ্থী জয়া বচ্চন কোটি টকাৰ সম্পত্তিৰগৰাকী৷ এই প্ৰাৰ্থীসকলৰ সৰ্বমুঠ সম্পত্তিৰ গড় হিচাপত ১২১.১৩ কোটি৷   

তদুপৰি শিক্ষাৰ ক্ষেত্ৰত ৫৫ গৰাকী প্ৰাৰ্থী উচ্চ ডিগ্ৰীধাৰী হোৱাৰ বিপৰীতে ৭ গৰাকী প্ৰাৰ্থী মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণ৷ ইয়াৰ লগতে ৪২ বছৰতকৈ কম বয়সৰ এগৰাকী প্ৰাৰ্থীয়েও প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাই৷ ৩৬ গৰাকীৰ বয়স ৪২ৰ পৰা ৬০ বছৰৰ হোৱাৰ লগতে ২৫ গৰাকী প্ৰাৰ্থী ৬১ বছৰৰ পৰা ৮০ বছৰৰ ভিতৰৰ বুলি জানিব পৰা গৈছে এছচিয়েছন অফ ডেমক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনৰ জৰিয়তে৷ ইয়াৰে ৬৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৫ গৰাকীহে মহিলা আছে৷