ৰঙিয়াঃ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বাৰিষা অহাৰ লগে লগে কৃত্ৰিম বানত বুৰ গৈছে কামৰূপ গ্ৰাম্য জিলাৰ অন্যতম কেন্দ্ৰস্থল ৰঙিয়া চহৰ। ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত চহৰখনৰ বাট-পথসমূহ সাধাৰণ বৰষুণতে পানীৰে উপচি পৰাত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে সৰ্বসাধাৰণে।

চহৰখনত কেবাজনো ৰাজনৈতিক নেতাৰ লগতে জাতীয় সংগঠনৰো কেবাজনো শীৰ্ষ নেতাই বাস কৰাৰ পিছতো কৃত্ৰিম বানৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান নোহোৱাত আশ্চৰ্ষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। নেতাসকলৰ কৰ্ম-কুশলতাৰ লগতে চহৰখনৰ প্ৰতি সদিচ্ছাৰ মনোভাৱ আছে নে নাই সেই লৈয়ো ৰঙিয়াবাসীৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে।

উল্লেখ্য যে কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা, প্ৰাক্তন বিধায়ক অনন্ত ডেকা, প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো আদিয়ে ৰঙিয়া চহৰৰ পৰা ৰাজনীতি কৰি আহিছে যদিও চহৰখনৰ কৃত্ৰিম বানৰ সমস্যা আজিলৈ সমাধান নহ'ল৷

নামনি অসমৰ গুৰুত্বপূৰ্ণ চহৰখনৰ ৰঙিয়া জংচনত প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ সমাগম হয়৷ কিন্তু এজাক বৰষুণতে চহৰখনৰ বাট-পথসমূহ ডুব যোৱাৰ ফলত চহৰখনলৈ অহা লোকসকলে একপ্ৰকাৰ যমৰ যাতনা ভোগ কৰিবলগীয়াত পৰে৷ চহৰখনৰ প্ৰত্যেকটো গুৰুত্বপূৰ্ণ পথ আজিও পানীৰ তলত থকাৰ লগতে পথৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতবোৰে যাতায়াতকাৰীক সমস্যাত পেলাই আহিছে।

স্বচ্ছতাৰ ক্ষেত্রত ৰঙিয়া ৰেল ষ্টেচনে দেশৰ ভিতৰত সপ্তম স্থান দখল কৰিছে যদিও মূল প্ৰৱেশ পথৰ জৰাজীৰ্ণ অৱস্থাই সকলোকে ভবাই তোলে। এজাক বৰষুণতে জলমগ্ন হৈ পৰে গুৰুত্পূৰ্ণ এই পথটো। ৰঙিয়াৰ চহৰৰ পৰা পৰা মহকুমাধিপতি কাৰ্যালয় হৈ গোৰেশ্বৰলৈ যোৱা পথটোৰো একেই অৱস্থা। আনহাতে এজাক বৰষুণ দিলেই কৃত্ৰিম বানত ডুব যায় ৰঙিয়া পৌৰসভাৰ ৩ নং ৱাৰ্ড।

মুঠৰ ওপৰত সামান্য এজাক বৰষুণ দিলেই জলবন্দী হৈ পৰে ৰঙিয়াবাসী। ৰঙিয়া অৰ্ধ সাপ্তাহিক বজাৰৰো একেই অৱস্থা৷ ৰঙিয়া চহৰবাসীৰ সমস্যা সমাধানত গুৰুত্ব নাই ৰঙিয়া পৌৰসভাৰ। ক্ষমতা কেন্দ্ৰিক বিতৰ্কৰ বাবে এতিয়া স্থবিৰ হৈ পৰিছে ৰঙিয়া চহৰৰ উন্নয়ন। যাৰ বাবে ক্ষুদ্ধ হৈ পৰিছে চহৰখনৰ ৰাইজ।

ক্ষুব্ধ ৰাইজে ৰঙিয়া পৌৰসভাই কেৱল মাচুল সংগ্ৰহতে ব্যস্ত থাকিবনে চহৰখনৰ উন্নয়নৰ কথা চিন্তা কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে৷ বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাই চহৰখনৰ সমস্যাক লৈ গুৰুত্ব আৰোপ নকৰাৰো অভিযােগ উঠিছে।