•  বহু পলমকৈ ভোট গণনা আৰম্ভ 
  •  ৰঙিয়াৰ প্ৰথম ৰাউণ্ডৰ ফলাফল

ৰঙিয়াঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাটো আজি পুৱাৰ  আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত প্ৰথম ৰাউণ্ড অন্তত কেইবাখনো পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীৰ নিৰ্বাচনী ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে।

ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়ত অধিক পলমকৈ ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ বাবে  অনুষ্ঠিত হোৱা ভোট গণনা অধিক পলমকৈ আৰম্ভ হোৱা পৰিলক্ষিত হয়। প্ৰথম ৰাউণ্ডৰ অন্তিম মুহুৰ্তত ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত কমলপুৰ সমষ্টিৰ মদাৰতোলা জিলা পৰিষদৰ অধীনৰ বৰডেকপাৰ গাঁও পঞ্চায়তৰ সভাপতি পদত বি জে পি দলৰ  দীপক শৰ্মা আৰু আঞ্চলিক সদস্য পদত বি জে পি দলৰ দীপালী মহন্ত ডেকা জয়ী হৈছে।

সমষ্ঠিটোে পূব পাৰ জিলা পৰিষদৰ গুইয়া গাঁও পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছ দলৰ মনোমতী ঠাকুৰীয়া আৰু আঞ্চলিক সদস্য পদত কংগ্ৰেছ দলৰ ৰাহুল আহমেদ চহৰীয়া জয়ী হয়।

পূব কছাৰী মহল ২৭ নং বৰহাটা গাওঁ পঞ্চায়ত ৫ নং ৱাৰ্ড ত বি জে পিৰ কন্দৰ্প বৈশ্য, ২৭ নং নগাওঁ গাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ী মাজনী ডেকা, নগাঁও গাঁও পঞ্চায়ত ননৰা ১০ নং ৱাৰ্ডৰ বি জে পিৰ মণ্টু কলিতা জয়ী হয়।

পূবপাৰ জিলা পৰিষদৰ ১৫ নং গুইয়া গাঁও পঞ্চায়ত ১ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ মতিউৰ ৰহমান, ৯ নং ৱাৰ্ডত বি জে পিৰ গনেশ্বৰ কলিতা, ৬ নং ৱাৰ্ডত বি জে পিৰ গোবিন্দৰাম ডেকা, ৪ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ ইমৰাণ হুছেইন, ৩নং ৱাৰ্ডত কংগ্ৰেছ দলৰ চেমিম বেগম, পাতিদৰং জিলা পৰিষদৰ ৩৪ নং বৰডাঙৰীকুছি গাওঁ পঞ্চায়তত ৭ নং ৱাৰ্ডত   বি জে পিৰ হিৰামণি দাস, ২১ নং বৰডেকপাৰ গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডত বি জে পিৰ কৈলাশ ডেকা , ৯ নং ৱাৰ্ডতবি জে পিৰ মুকুট শৰ্মা, ৬ নং ৱাৰ্ডত বি জে পিৰ প্ৰতিমা দাস, ৫ নং ৱাৰ্ডত বি জে পিৰ কুশল দাস ,  ৪ নং ৱাৰ্ডত বি জে পিৰ গীতা কাকতি, ৩ নং ৱাৰ্ডত বি জে পিৰ ৰবিন ডেকা, ২ নং ৱাৰ্ডত কংগ্ৰেছৰ নৱনিতা দাস জয়ী হয়। আনহাতে ৰঙিয়া সমষ্টিৰ অধিনৰ পূব বড়িগোগ জিলা পৰিষদৰ অধিনৰ চেপ্তী নকুল গাঁও পঞ্চায়তৰ ৱাৰ্ড ক্ৰমে ৬, ৭, ৮, ১০ নং ৱাৰ্ডত বি জে পি, ৫ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকী বিজয় হয়।

ইয়াৰ উপৰিও ৰঙিয়া মহকুমাৰ মদাৰতোলা জিলা পৰিষদৰ ফলাফল বৰডেকপাৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড অনুযায়ী ৩, ৪, ৫, ৬, ৭, ৮, ৯  নং ৱাৰ্ডত বি জে পি, ১, ২ নং ৱাৰ্ডত কংগ্ৰেছ, গুইয়া গাওঁ পঞ্চায়তৰ ৱাৰ্ডৰ ফলাফল অনুযায়ী ৫, ৯ নং ৱাৰ্ডত বি জে পি, ১, ৩, ৪ নং ৱাৰ্ডত কংগ্ৰেছ, ২ নং ৱাৰ্ডত অ গ প, ৬ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰৰ্থী জয়ী হয়।

পূব কছাৰীমহল জিলা পৰিষদৰ ফলাফলৰ ভিতৰত বৰহাটা পঞ্চায়তৰ ৱাৰ্ড ফলাফল অনুযায়ী ৫ নং ৱাৰ্ডত বি জে পি নগাঁও পঞ্চায়তৰ ৱাৰ্ড ফলাফল অনুযায়ী ১০ নং ৱাৰ্ডত বি জে পি, ৩ নং ৱাৰ্ডত নিৰ্দলীয়, পাতিদৰং জিলা পৰিষদৰ ফলাফল অনুযায়ী বৰডাঙৰীকুছি পঞ্চায়তৰ ৭ নং ৱাৰ্ডত বি জে পি, পশ্চিম বড়িগোগ জিলা পৰিষদৰ বাৰাংহাটী পঞ্চায়তৰ ৬ নং ৱাৰ্ডত  নিৰ্দলীয় ২ গৰাকী প্ৰথম ৰাউণ্ডৰ অন্তত বাতৰি লিখা সময়লৈ আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে।