ডিজিটেল ডেস্কঃ ফেচবুকৰ অনুমতি অবিহনে ডাটা সংগ্ৰহ কৰি নিৰ্বাচনী প্ৰচাৰৰ কামত লগোৱাক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পকে ধৰি খ্যাতনামা কেমব্ৰিজ এনালাইটিকচ্ বিশ্বজুৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ সময়তে ৰাহুল গান্ধীকো একপ্ৰকাৰে ডাটাচোৰ আখ্যা দিছে ৰবিশংকৰ প্ৰসাদে।
দৰাচলতে ফেচবুকৰ পৰা ডাটা সংগ্ৰহ কৰি নিৰ্বাচনী প্ৰপাগেণ্ডাৰ সৃষ্টি কৰা কাৰ্যকলাপত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী জৰিত থকা বুলি তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে অভিযোগ আনিছে। বুধবাৰে সংবাদ মেলত ৰাহুল গান্ধীক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাহুল গান্ধী কেমব্ৰিজ এনালাইটিকচৰ বিষয়টোত কিয় নিশ্চুপ হৈ আছে৷ গান্ধীয়ে সমগ্ৰ ছ’চিয়েল মিডিয়াতে কেমব্ৰিজ এনালাইটিকচৰ সৈতে জৰিত হৈ আছে৷ এই কোম্পানীৰ সৈতে গান্ধীয়ে বিগত সময়ছোৱাত মিলিত হোৱাৰো অভিযোগ উত্থাপন কৰে ৰবিশংকৰপ্ৰসাদে৷
প্ৰসাদে লগতে কংগ্ৰেছে নিৰ্বাচনত জয়ী হোৱাৰ বাবে ফেচবুকৰ ডাটা চুৰি কাৰ্যত লিপ্ত হৈ অহাৰ আৰোপ লগায়৷ ৰবিশংকৰপ্ৰসাদে সংবাদ মেলতে ৰাহুল গান্ধীৰ প্ৰতি প্ৰশ্ন কৰে যে কেমব্ৰিজ এনালাইটিকচে কিমান ভাৰতীয় ফেচবুক ব্যৱহাৰকাৰীৰ তথ্য গোপনে ৰাখিছে৷ কেমব্ৰিজ এনালাইটিকচে নিৰ্বাচনৰ সময়ত নাইজেৰিয়া, কেনিয়া, ব্ৰাজিল আৰু ভাৰতক প্ৰভাৱিত কৰি অহাৰ কথা উল্লেখ কৰে মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে৷
উল্লেখ্য যে ফেচবুকৰ পৰা নীতিবিৰুদ্ধভাৱে কেমব্ৰিজ এনালাইটিকচে ডাটা সংগ্ৰহ কৰি ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰত খটুওৱা বুলি অভিযোগ উত্থাপিত কৰি আহিছে বিশ্বৰ একাংশ লোকে৷ ফেব্ৰুৱাৰীত তিনিখনকৈ বাতৰি কাকতে প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে যুক্তৰাষ্ট্ৰকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এই বিষয় চৰ্চালৈ আহিছিল। বিতৰ্কই ফেচবুকৰ স্ৰষ্টা মাৰ্ক জুকাৰবাৰ্গকো ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল।