ডিফুঃ কাৰ্বি আংলং জিলাত জনসাধাৰণৰ নিৰাপত্তাত নিয়োজিত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ ডিফুৰ দলে সেনাৰ সদ্ভাৱনা আৰু মানৱীয় সাহায্যৰ অংশ স্বৰূপে প্ৰয়োজনীয় এলেকা সমূহত বিভিন্ন সহায় আগবঢ়াই আহিছে৷ সেই মৰ্মে ডিফুস্থিত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে বুধবাৰে বিশ্ব ৰেড ক্ৰছ দিৱসৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলাৰ বালিপথাৰৰ এটি বৃদ্ধাশ্ৰমত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে৷
সেনাৰ চিকিৎসা সেৱাৰ দলটোৰ সৈতে সন্মিলিতভাৱে বোকাজান অসামৰিক চিকিৎসালয়ৰপৰা তিনিগৰাকী চিকিৎসক লগতে ডিফু অসামৰিক চিকিৎসালয়ৰপৰা টিবি টীমৰ অংশ স্বৰূপে তিনি গৰাকী চিকিৎসকে শিবিৰটোত চিকিৎসা প্ৰদান কৰে৷ শিবিৰটো সাধাৰণতে বৃদ্ধ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে আয়োজন কৰা হৈছিল যদিও শিবিৰটোত ৮০ গৰাকী পুৰুষ, ১০৫ গৰাকী মহিলা, ৬০ গৰাকী বৃদ্ধলোক আৰু ২০টাকৈ শিশুৱেও চিকিৎসা গ্ৰহণ কৰে৷
শিবিৰটোত বিভিন্ন বেমাৰ ক্ৰমে, তলপেটৰ বিষ, খৰ-খজুৱতি, , পিঠি বিষ আৰু মেলেৰীয়াৰ বাবে ৰোগী সকলক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰা হয়৷ চিকিৎসকৰ দলটোৱে ৰোগীসকলক বিশুদ্ধ খোৱা পানী আৰু বিজ্ঞান সন্মত শৌচাগাৰৰ ব্যৱহাৰৰ লগতে ডেংগু আৰু মেলেৰীয়াৰ দৰে সংক্ৰামক বেমাৰত লবলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থা সম্বন্ধেও জ্ঞান প্ৰদান কৰে৷
স্থানীয় ৰাইজে সেনাৰ এনে প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰি ভৱিষ্যতেও এনেধৰণৰ শিৱিৰৰ ব্যৱস্থা কৰিবলৈ অনুৰেধ জনায়৷ স্থানীয় ৰাইজ আৰু স্থানীয় প্ৰশাসনৰ মাজত সমন্বয় আৰু শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ সেনাই এই প্ৰচেষ্টাক অধিক মজবুত আৰু গতিশীল কৰি তুলিব বুলি সেনাৰ এক বিশেষ সূত্ৰই এক বিবৃতি যোগে সংবাদ মাধ্যমক জানিবলৈ দিছে৷