মুম্বাইঃ  চমকপ্ৰদ আত্মপ্ৰকাশ সত্বেও বৃহৎ পৰিমাণৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে ৰিলায়েন্স জিঅ’। সদ্য সমাপ্ত বিত্তীয় বৰ্ষৰ অন্তত সংস্থাটোৰ ক্ষতিৰ পৰিমাণ হৈছে ২২.৫লাখ টকা।

শেহতীয়াকৈ বি এছ ই-ৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত জিঅ’ৰ তৰফৰ পৰা জনোৱা হৈছে যে, এবছৰত সৰ্বমুঠ ক্ষতিৰ পৰিমাণ হৈছে ৭.৪৬ কোটি টকা। ইয়াৰ ভিতৰত প্ৰথম ৬ মাহত ২.২৫ কোটি টকা লাভ হ’লেও ২০১৭ বৰ্ষৰ ৩১ মাৰ্চত অন্ত পৰা বিত্তীয় বৰ্ষৰ শেষৰ ৬ মাহত প্ৰতিষ্ঠানটোৰ উপাৰ্জন হ্ৰাস পায় হয়গৈ মাত্ৰ ৫৪ লাখ।

ৰিলায়েন্স ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা ঘোষণা কৰা মতে, প্ৰতিষ্ঠানটোৰ জি প্ৰাইম প্ৰকল্পৰ অধীনত মুঠ ৭.২ কোটি গ্ৰাহক অন্তৰ্ভূক্ত হৈছে। উল্লেখ্য যে, ট্ৰাইৰ নিষেধাজ্ঞা অনুযায়ী চলিত মাহৰ আৰম্ভণিতে এই প্ৰকল্পৰ ম্যাদ শেষ কৰিবলৈ বাধ্য হৈ পৰে জিঅ’। ইয়াৰ পৰিৱৰ্তে যোৱা ১১ এপ্ৰিলত ৩০৯ টকা আৰু ৫০৯ টকাৰ ধন ধনা ধন অফাৰ ঘোষণা কৰে প্ৰতিষ্ঠানটোৱে।

বিশেষজ্ঞসকলে দাবী কৰিছে যে, লোকচানৰ সন্মুখীন হ’লেও প্ৰতিদ্বন্দীক সহজে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব জিঅ’। বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে, শ্বেয়াৰ বজাৰত নিজৰ দৰ বৃদ্ধি কৰাটোৱেই হৈছে জিঅ’ৰ প্ৰাথমিক লক্ষ্য।

বজাৰ বিশেষজ্ঞসকলৰ পূৰ্বাভাস অনুযায়ী শীঘ্ৰেই শ্বেয়াৰ বজাৰত হোৰা হোৰে উৰ্ধগামী হ’ব জিঅ’ৰ দৰ। শ্বেয়াৰ বজাৰত দৰ উৰ্ধগামী হ’লেই লাভৰ পৰিমাণ কেবাগুণে বৃদ্ধি পোৱাৰ আশাতেই সম্প্ৰতি লোকচান সত্বেও বিনামূলীয়া অফাৰৰ বৰষুণেৰে গ্ৰাহকক তিয়াই ৰাখিছে বুলিও মন্তব্য কৰিছে বজাৰ বিশেষজ্ঞসকলে।