টিভি চেনেলৰ বিৰুদ্ধে সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অভিযোগ নতুন নহয়। চেনেলৰ ষ্টুডিঅ’ত বহি সমাজত বিষবাষ্প বিয়পোৱাৰ অভিযোগ অনেক বাৰ উত্থাপন হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিৰুদ্ধে। শেহতীয়াকৈ চেনেলৰ বিৰুদ্ধে এই অভিযোগত সাৰপানী যোগাইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত চিন্তাবিদ তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অধ্যাপক ৰাকেশ সিনহাৰ এটা ভাইৰেল ভিডিঅ’ই।
দৰাচলতে আৰ এছ এছৰ নেতাগৰাকীয়ে এক অনুষ্ঠানত দাবী কৰে যে এজন নিউজ এংকৰে তেওঁক 'টিভি বিতৰ্কত মুছলমানৰ দাঢ়ি-টুপিৰ বিষয়ে গালি-গালাজেৰে ভৰপূৰ শব্দ ব্যৱহাৰ কৰিবলৈ কৈছিল। অধ্যাপক ৰাকেশ সিনহাৰ এই মন্তব্যৰ এটা ৩ মিনিট ৩৩ ছেকেণ্ডৰ ভিডিঅ’ শনিবাৰে ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে শিৱসেনাৰ উদ্ধৱ ঠাকৰে ফৈদৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে। ইয়াৰ পিছতে দেশজুৰি চৰ্চা আৰম্ভ হয়।
উল্লেখ্য যে, যোৱা ১৬ জানুৱাৰীত 'নয়ী দুনিয়া ফাউণ্ডেচন'ৰ উদ্যোগত দিল্লীৰ কনষ্টিটিউচন ক্লাবত "আজিৰ ভাৰতত মুছলমানৰ ভৱিষ্যত" নামেৰে এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছিল। এই আলোচনা চক্ৰত ভাগ লৈ এই মন্তব্য কৰিছিল অধ্যাপক ৰাকেশ সিনহাই।
১৬ জানুৱাৰীত আয়োজিত কাৰ্যসূচীত অধ্যাপক ৰাকেশ সিনহাৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছলমান খুৰশ্বিদ, প্ৰাক্তন সাংসদ তথা নয়ী দুনিয়াৰ সম্পাদক শ্বাহিদ ছিদ্দিকী আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মুখপাত্ৰ আৰু সাংসদ মনোজ ঝাও উপস্থিত থাকে। ১৭ জানুৱাৰীত কনষ্টিটিউচন ক্লাবে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত তিনিখন ফটো পোষ্ট কৰি এই অনুষ্ঠানৰ আয়োজন সম্পৰ্কে জানিবলৈ দিয়ে।
কংগ্ৰেছ নেতা ছলমান খুৰশ্বিদেও এই অনুষ্ঠানৰ এটা ভিডিঅ’ তেওঁৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰিছে। অধ্যাপক ৰাকেশ সিনহাৰ এটি আধা ঘণ্টাৰ ভিডিঅ’ পোষ্ট কৰিছে Journo Mirror নামৰ ইউটিউব চেনেল এটাই৷ অন্যহাতে অধ্যাপক ৰাকেশ সিনহাইও ১৬ তাৰিখে এই অনুষ্ঠানৰ কিছু ছবি তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰে।
তেওঁ লগতে লিখিছে, "সকলোৱে ভাৰতৰ ভৱিষ্যতৰ সৈতে বান্ধ খাই আছে। ২০১৪ চনৰ পিছত ৰেচন লাভ কৰা ৮০ কোটি লোকৰ ভিতৰত ৩০ শতাংশ মুছলমান। মুঠ শৌচাগাৰৰ ৩১ শতাংশ মুছলমানে পাইছে।"
আলোচনা চক্ৰত কি ক’লে অধ্যাপক ৰাকেশ সিনহাই?
অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত অধ্যাপক ৰাকেশ সিনহাই এটা পুৰণি ঘটনাৰ বৰ্ণনা কৰে। ৰাজ্যসভাত নথকা সময়ত এই ঘটনা ঘটিছিল বুলিও তেওঁ কয়। ভাষণৰ সময়ত তেওঁ কয়, "এটা টিভি চেনেলৰ পৰা ফোন আহিল। মই সেই সময়ত দিল্লীৰ ছাৰ ৰতন টাটা লাইব্ৰেৰীত আছিলো। এংকৰে মোক কৈছিল, 'আজি মই আপোনাৰ লগত ডিবেট আৰম্ভ কৰিম'। মই সুখী হৈছিলো। কাৰণ বিতৰ্কৰ বিষয়টো কিছু গুৰুত্বপূৰ্ণ আছিল।’’
পোনপটীয়াকৈ নাম প্ৰকাশ নকৰিলেও এটা ৰাষ্ট্ৰীয় চেনেলৰ পৰা তেওঁলৈ এই ফোন আহিছিল বুলি কয় অধ্যাপক ৰাকেশ সিনহাই। তেওঁ কয়, "যিজনে ডিবেট কৰিম বুলি কৈছিল তেওঁ এটা ৰাষ্ট্ৰীয় চেনেলৰ আছিল, তেওঁৰ নাম প্ৰকাশ কৰাটো অনুচিত হ'ব। তেওঁ কিছু সময় মনে মনে থাকিল... তেওঁ কিবা এটা ক’ব বিচাৰিছিল যদিও ক'ব পৰা নাছিল। আধা ঘণ্টাৰ পিছত আকৌ মোলৈ তেওঁ ফোন কৰিলে। ... মই ক'লো- 'আপুনি মোক জনাইছে, মই যাম।' কিন্তু তাৰ আধা ঘণ্টাৰ পিছত আকৌ তেওঁৰ ফোন আহিল, মই ক’লো 'মই লাইব্ৰেৰীৰ ভিতৰত আছো, কিবা আছে নেকি?' তেওঁ ক'লে, 'আপুনি চিনি পোৱা সেই অতিথিজনো ডিবেটলৈ আহি আছে, তেওঁক কি ক’ব লাগে মই বুজাই দিছো। আপুনি অলপ উগ্ৰ হ’ব লাগিব, আপুনি টকশ্ব'ত শান্ত হৈ থাকে, তেনেকৈ শান্ত হৈ থাকিলে ভাল নালাগিব।'
ৰাকেশ সিনহাই আগলৈ কয়, "মই তেওঁক ক’লো, 'কি ক’ব লাগে কোৱা, যদি সম্ভৱ হয় মই সেয়া কৰিম।' তেতিয়া তেওঁ মোক কিছুমান অভদ্ৰ, বৰ্বৰতাপূৰ্ণ কথা ক’বলৈ ক’লে, দাড়িৰ বিষয়ে, টুপীৰ বিষয়ে। মই ক’লোঁ - ‘বহুত বঢ়িয়া, মই নিশ্চয় কম। আৰু কিবা ক’ব লাগিব নেকি?’ মই তেওঁক আকৌ সুধিলোঁ- 'এইখিনি যথেষ্ট নহ’ব, আৰু কিবা কওক।' তেওঁ ক’লে, ‘ছাৰ, আপুনি যি বিচাৰে ক’ব পাৰে, মই মাজে মাজে হস্তক্ষেপ কৰিম, তেতিয়া আপুনিও টুইটাৰত ট্ৰেণ্ড কৰিব আৰু মইও কৰিম।’
অধ্যাপক সিনহাই পুনৰ কয়, "ইয়াৰ পিছত টিভি চেনেলৰ বাহনখন আহি পোৱাৰ লগে লগে মই তেওঁলোকক ক'লোঁ যে 'মই বিতৰ্কৰ বাবে নয়ডালৈ আহিব নোৱাৰিম, হঠাতে মোৰ কিবা গুৰুত্বপূৰ্ণ কাম আছে, মুম্বাইলৈ যাব লাগিব'। এংকৰে সুধিলে- 'কিবা বিশেষ কিবা আছে নেকি?' মই ক’লোঁ, ‘আপুনি দিয়া নিৰ্দেশ মানি মই বাথৰুমলৈ গৈ কেইবাবাৰো আখৰা কৰিলোঁ আৰু মোৰ চেহেৰাটো চাই থাকিলোঁ। দেখিলোঁ, মোৰ চোন উচ্চতা ভাল আৰু দেখিবলৈও বেয়া নহয়। তেন্তে মুম্বাইলৈ গৈ অভিনয়কে নকৰোঁ কিয়?"
অধ্যাপক ৰাকেশ সিনহাই এই ঘটনা সন্দৰ্ভত কয় যে এই ঘটনা ২০১৬ চনত ঘটিছিল। তেওঁ আৰু কয়, "মই এই দেশত কাৰো দাঢ়ি ছিঙিবলৈ, কাৰো টুপী আঁতৰাবলৈ জন্ম লোৱা নাই। যিসকলে আনৰ টুপী খুলি আছে, সেইসকলৰ বিৰুদ্ধে যুঁজিবলৈকেহে মই জন্ম লৈছো। মই এজন আৰ এছ এছৰ স্বেচ্ছাসেৱক আৰু মই মোৰ দায়িত্ব বুজি পাওঁ।"
ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া
এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ সময়ত প্ৰিয়ংকা চতুৰ্বেদীয়ে লিখিছে, "ৰাকেশ সিনহা জীয়ে এই বিষয়ত কথা কোৱাটো সুখৰ কথা। তেওঁ যি কৈছে সেয়া হৈছে সংবাদ মাধ্যমৰ প্ৰকৃত মুখ আৰু ই দেখুৱাইছে যে কিদৰে টিআৰপিৰ বাবে সত্যৰ ওপৰত ঘৃণাৰ আতৰ সনা হয়।"
মহম্মদ ছাত্তাৰ ফাৰুকীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে, "এয়া আচৰিত। এয়াই টিভি ডিবেটৰ সত্য।" আনহাতে মাজহাৰ খানে লিখিছে, "আৰ এছ এছৰ নেতা ৰাকেশ সিনহাই টিভি ডিবেটত অংশগ্ৰহণ কৰাটো কিয় বন্ধ কৰিলে? টিভিৰ ডিবেটৰ সত্যতা শুনক।" সুদীপ্ত ৰায়ে লিখিছে, "ব্ৰেকিং নিউজ, আৰ এছ এছৰ মতাদৰ্শ ৰাকেশ সিনহাই গোডী মিডিয়াৰ বিষয়ে গোপন কথা ফাদিল কৰিছে।" আদিল ছিদ্দিকীয়ে লিখিছে, "আৰ এছ এছৰ নেতা ৰাকেশ সিনহা আজিকালি একাংশ মুছলমান নেতাৰ নতুন নেতা হৈ পৰিছে।"
এনেদৰে অনেকে অনেক ধৰণে মন্তব্য কৰিলেও কিন্তু ছ’চিয়েল মিডিয়াত সকলোৱে ইয়াক টিভিৰ বিতৰ্ক আৰু টিআৰপি গেমৰ দৰে দেখা নাই। একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৰাকেশ সিনহাক সমালোচনাও কৰিছে। ডেইলীইট নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে এতিয়া গোপনীয়তা প্ৰকাশ কৰিছে যদিও তেওঁৰ অতীতক আওকাণ কৰিব নোৱাৰি। তেওঁ লিখিছে, "তেওঁ কয় যে টিভি চেনেলটোৱে তেওঁক আপত্তিজনক বক্তব্য দিবলৈ কৈছিল যদিও তেওঁ বছৰ বছৰ ধৰি বিজেপিৰ পৰা ৰাজ্যসভাৰ টিকট লাভ কৰিবলৈ ঘৃণা বিয়পাই আহিছে।"
এই ভিডিঅ’টো শ্বেয়াৰ কৰি মুম্বাইসদন নামৰ এজন ইউজাৰে লিখিছে, “এইটো এটা চিন্তাৰ বিষয়, টিভিৰ ডিবেটত উচটনিমূলক বক্তব্য দিয়াৰ বাবে মুছলমান মৌলানাসকলকো উৎকোচ দিয়া হয় নেকি?” টিভি ডিবেটৰ স্ক্ৰীণশ্বট পোষ্ট কৰিছে নন্দলাল শৰ্মাই । তেওঁ লগতে লিখিছে, "এই ৰাকেশ সিনহা আৰু টিভিৰ ডিবেটলৈ নাযাও বাৰু... কিন্তু য'ত সংঘৰ মানুহ আছে তাত হিন্দু মুছলমানৰ কথা নাথাকিব, এইটো হ'বই নোৱাৰে... ভিডিঅ'টো ১৫ জানুৱাৰীৰ।"
মুছলমানৰ পক্ষত মন্তব্য আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰো
উল্লেখ্য যে, সংখ্যালঘু, বিশেষকৈ মুছলমানসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা কাৰ্য্যক সমালোচনা কেৱল অধ্যাপক ৰাকেশ সিনহায়েই অকল কৰা নাই। ইয়াৰ পূৰ্বে একেদৰেই মাত মাতিছিল আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতেও। তেওঁ নিজেই যোৱা বছৰ কৈছিল যে ভাৰতে বিশ্বক দেখুৱাব লাগিব যে আমি (ভাৰতৰ জনসাধাৰণ) একেলগে থাকিব পাৰো।
দেশৰ বিভিন্ন স্থানত "ৰাম-মন্দিৰৰ দৰে" বিতৰ্কৰ উচটনি দিয়াৰ বাবে মোহন ভাগৱতে 'অভিলাষী হিন্দু' নেতাসকলক সমালোচনা কৰিছিল। তেওঁ কৈছিল যে ভাৰত এখন সৰ্বাংগীন আৰু সমন্বয়শীল সমাজ আৰু ইয়াক উদাহৰণ হিচাপে দাঙি ধৰা উচিত। লগতে ভাৰতৰ বহুত্ববাদী সমাজৰ কথা উল্লেখ কৰি তেওঁ কৈছিল যে স্বামী ৰামকৃষ্ণন মিছনত বৰদিন পালন কৰা হয়। তেওঁ কৈছিল, "আমি হিন্দু হোৱাৰ বাবেহে এই কাম কৰিব পাৰো।"
আৰ এছ এছৰ মুৰব্বীজনে কৈছিল, "আমি বহুদিনৰ পৰা একেলগে বাস কৰি আছো। যদি আমি পৃথিৱীত এনে সমন্বয় চাব বিচাৰো, তেন্তে ইয়াৰ বাবে আমি এটা আৰ্হি প্ৰস্তুত কৰিব লাগিব। ৰাম মন্দিৰ নিৰ্মাণৰ পিছত একাংশই ভাবে যে নতুন ঠাইত একেধৰণৰ বিষয় উত্থাপন কৰি হিন্দুসকলৰ নেতা হ’ব পাৰে। কিন্তু এই কথা মানি ল’ব নোৱাৰি।’’
ইয়াৰ পূৰ্বে নাগপুৰত এক অনুষ্ঠানৰ সময়ত মোহন ভাগৱতে কৈছিল যে পূজাস্থলীত অত্যধিক বিতৰ্কৰ সৃষ্টি হ’ব নালাগে। তেওঁ কৈছিল যে জ্ঞানবাপী মছজিদৰ সমস্যাটো হিন্দু আৰু মুছলমানে সৌহাৰ্দ্যপূৰ্ণভাৱেও সমাধান কৰিব পাৰে।
নাগপুৰত প্ৰতি বছৰে অনুষ্ঠিত হোৱা সন্মিলনত প্ৰশিক্ষণ পাঠ্যক্ৰমৰ পৰা ওলাই অহা আৰ এছ এছৰ কৰ্মীসকলক সম্বোধন কৰি ভাগৱতে কৈছিল, ‘প্ৰতিটো মছজিদতে শিৱলিংগ বিচাৰি যোৱাৰ প্ৰয়োজন নাই।’