firstpost.com

ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতত উপস্থিত হোৱা ইৰানৰ ৰাষ্ট্ৰপতি হাচান ৰুহানীয়ে যাত্ৰাৰ অন্তিম দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ দেশৰ ৰাজধানী নতুন দিল্লীৰ হায়দৰাবাদ হাউচত অনুষ্ঠিত এই বৈঠকত কেইবাটাও বিষয় সন্দৰ্ভত দুয়োখন দেশে চুক্তিত স্বাক্ষৰ কৰে৷

জানিব পৰা মতে, ৰুহানীয়ে শুকুৰবাৰে হায়দৰাবাদৰ মক্কা মছজিদ পৰিদৰ্শন কৰি উপসনাৰ বাবে উপস্থিত ৰাইজক সম্ভাষণ জনায় কয়, মানুহে মনৰ নঞাৰ্থক চিন্তাধাৰাবোৰ আঁতৰ কৰি দূৰদৃষ্টি নিক্ষেপ কৰা উচিত৷ আলোচনাৰ পূৰ্বে শনিবাৰে পুৱা দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে হাচান ৰুহানীক ৰাজকীয়ভাৱে অভিবাদন জনোৱাৰ লগতে ‘গাৰ্ড অফ অনাৰ’ প্ৰদান কৰে৷

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত থাকে৷ ইয়াৰ পাছতে ৰুহানীয়ে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজকো সাক্ষাৎ কৰে৷ উল্লেখ্য যে, ৰুহানী আৰু মোডীৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাত চাবহাৰ বিমানবন্দৰৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে৷

ভাৰত আৰু ইৰানে আশা কৰিছে যে এই বৈঠকতে দুয়োখন দেশে বুজাবুজিত উপনীত হৈ বিমানবন্দৰ নিৰ্মাণৰ কাম-কাজৰ বিষয়ে আলোচনা কৰিব৷ ইয়াৰ উপৰিও আমেৰিকাই ইৰানৰ বিৰুদ্ধে বাহাল ৰখা প্ৰতিবন্ধকতা সন্দৰ্ভতো দুয়োখন দেশৰ মাজত আলোচনা হোৱা বুলি জানিব পৰা যায়৷

উল্লেখ্য যে ৰুহানীয়ে ইৰানৰ সপ্তমজন ৰাষ্ট্ৰপতি হিচাপে ২০১৩ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এইয়া প্ৰথম ভাৰত যাত্ৰা৷ ভাৰত আৰু ইৰানৰ মাজত আৰ্থিক আৰু বাণিজ্যিক সম্পৰ্ক অধিক মজবুত৷ ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইৰাণ ভ্ৰমণ কৰি ১২খনতকৈও অধিক চুক্তিত স্বাক্ষৰিত কৰিছিল৷

source-firstpost