গুৱাহাটীঃ আৰক্ষীৰ ভয়ত পলাই ফুৰা তথা টকা দি জালিয়াতিৰে চাকৰি লোৱা ৰুমী শইকীয়াই অৱশেষত বিশেষ আদালতত আত্মসমৰ্পণ কৰে৷ ০৮ নৱেম্বৰৰ পুৱাৰে পৰা আৰক্ষীৰ ভয়ত পলাই ফুৰা ACS বিষয়া ৰুমীয়ে সোমবাৰে পুৱাই নিজে আহি বিশেষ আদালতত হাজিৰ হয়৷ আদালতত হাজিৰ হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰুমীক৷ ১২ দিনৰ মূৰকত আত্মসমৰ্পণ কৰা ৰুমীক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে।
APSC কেলেংকাৰীৰ অভিযুক্ত ACS বিষয়া ৰুমী শইকীয়াই আৰক্ষীৰ ভয়ত পলাই ফুৰিছিল৷ বিশেষ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ APSCৰ কেলেংকাৰীৰ ২৩গৰাকী ACS–APS বিষয়া ইতিমধ্যে আৰক্ষীৰ জালত পৰিল৷ ৰুমী শইকীয়াই আত্মসমৰ্পণ কৰাৰ পিছত APS ৰাকেশ গুপ্তা আৰু নিশামণি ডেকা এতিয়াও পলাই ফুৰিছে৷
ৰুমীয়ে গোলাঘাট জিলাত ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ অসম লোকসেৱা আয়োগৰ বহু বিতৰ্কিত তথা চাকৰি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ সময়ত জালিয়াতিৰে চাকৰি লোৱা প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই আৰক্ষীৰ ভয়ত পলাই ফুৰিছিল যদিও ১৩ নৱেম্বৰত অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছিল৷
তাৰ পিছতে সোমবাৰে আৰক্ষীৰ পৰা বাছিবলৈ বহু জল্পনা-কল্পনা কৰি অৱশেষত আত্মসমৰ্পনণ কৰিবলৈ বাধ্য হয় ৰুমী শইকীয়াই৷ ০৮ নৱেম্বৰৰ পুৱাৰ পৰা আৰক্ষীৰ ভয়ত পলাই ফুৰা ৰুমীয়ে ACS বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ আৰক্ষীৰ পৰা বাচিবলৈ বহু চেষ্টা কৰি সকলো পথ ৰুদ্ধ হৈ পৰাত অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৰুমীয়ে৷
যোৱা ৮ নৱেম্বৰৰ পৰা এতিয়ালৈ ২৩ গৰাকী ACS-APS বিষয়া আৰক্ষীৰ জালত পৰিছে৷ ২০১৫-১৬ বৰ্ষত ৩৮২ গৰাকী ACS-APS সংলগ্ন সেৱাৰ বিষয়া বাছনি কৰিছিল তেতিয়াৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালে৷ ইয়াৰে প্ৰায় সংখ্যক বিষয়াক অবৈধ তথা ব্যাপক জালিয়াতিৰে নিৰ্বাচন কৰাৰ অভিযোগ উত্থাপন হয়৷ কৃষক নেতা অখিল গগৈ সহিতে ৰাজ্যৰ একাংশ দল-সংগঠনে এই তদন্তৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তুলিছিল৷ তাৰ পাছতে এগৰাকী মহিলাৰ জড়িয়তে এই দুৰ্নীতিৰ ৰহস্য ফাদিল হৈছিল৷ প্ৰথম পৰ্যায়ত অসম আৰক্ষীয়ে তদন্ত কৰি তিনিগৰাকী বিষয়াক চিনাক্ত কৰিছিল৷
তাৰ পৰবৰ্ত্তী সময়ত ২৫ গৰাকী বিষয়াক তদন্তৰ আওতাত লয় আৰক্ষীয়ে৷ ২৫ গৰাকী ACS-APS পৰীক্ষাৰ উত্তৰ বহী ফৰেনছিক বিজ্ঞানগাৰলৈ প্ৰেৰণ কৰে৷ বিজ্ঞানগাৰৰ পৰা পৰীক্ষাৰ পেপাৰৰ ফলাফল অহাৰ পিছতে সস্তম হৈ পৰে ডিব্ৰুগড় জিলাৰ আৰক্ষীৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখা৷ ০৮ নৱেম্বৰৰ পৰা (মঙলবাৰে) নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে ২৫ গৰাকী ACS-APSৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ মঙলবাৰৰ নিশাৰ পৰা বুধবাৰৰ পুৱা লৈকে ১৫ গৰাকী ACS-APSৰ গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷
তাৰ মাজতে আৰক্ষীৰ পৰা হাত সাৰিবলৈ ৰাজনৈতিক প্ৰভাৱশালী ACS বিষয়া ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদেউ, প্ৰাক্তন মন্ত্ৰী সুমিত্ৰা পাটিৰৰ আত্মীয় গীতালি দলে, নীলমণিৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকা সহিতে প্ৰায় ১০গৰাকী বিষয়াই আত্মগোপন কৰে৷ আত্মগোপন কৰি ই আত্মসমৰ্পণ কৰে৷ কিন্তু সুনয়না আইদেউ, সুমিত্ৰা পাটিৰৰ আত্মীয় গীতালি দলে, কমল দেৱনাথ, জ্যোতিৰ্ময় অধিকাৰী আৰু দিলীপ কলিতা, সুনয়না আইদেউ, ৰাজৰ্ষি সেন ডেকা, গীতালি দল, ৰুমী শইকীয়াই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়৷