newsnextone.com | ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা স্বাধ্ৱী নিৰঞ্জন জ্যোতিয়ে মঙলবাৰে কৰ্ণাটকৰ কংগ্ৰেছ-জেডিএছৰ মিত্ৰজোঁট কেৱল স্বাৰ্থ সিদ্ধিৰ বাবে বুলি মন্তব্য কৰে৷ সেইবাবে তেওঁলোকৰ জোটবন্ধন দীৰ্ঘস্থায়ী নহয় বুলিও কয় নিৰঞ্জন জ্যোতিয়ে৷

কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ ৰাজ্য মন্ত্ৰী স্বাধ্ৱী নিৰঞ্জন জ্যোতিয়ে এক অনুষ্ঠানত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কয় যে কৰ্ণাটতক নাগৰিকে বিজেপিক জনাদেশ দিছে, যাৰ ফলত বিজেপিয়ে ১০৪ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে৷ কংগ্ৰেছ-জেডিএছৰ জোটবন্ধন কেৱল স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যৰে হৈছে, গতিকে এই জোটবন্ধন অধিক দিনলৈ নাথাকে৷ তেওঁ কয় যে, ৰাজনীতি দুষিত কৰা এই জোটবন্ধন কৰ্ণাটকৰ হিতৰ বাবে গঠন হোৱা নাই৷

নিৰঞ্জনে কয় যে ,যদি কৰ্ণাটক ইতিহায় খুচৰা যায়, তেন্তে পূৰ্বতেও জনতা দল চেকুলাৰে জোটবন্ধন সম্পন্ন কৰি পিছত সহযোগী দলৰ সৈতে সম্পৰ্ক ছেদ কৰিছে৷ জনতা দল চেকুলাৰে দীঘলিয়া সময়ৰ বাবে ৰাজ্যৰ জনতাক মুৰ্খ সাজিব নোৱাৰে বুলিও মন্তব্য কৰে নিৰঞ্জনে৷

উল্লেখ্য যে, জনতা দল চেকুলাৰৰ নেতা কুমাৰস্বামীয়ে বুধবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব৷ শপত গ্ৰহণ অনুষ্ঠানত দেশৰ বিভিন্ন বিজেপি মুক্ত ৰাজ্যৰ নেতা উপস্থিত থকাৰ সম্ভাৱনা আছে৷ তাৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱাল, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু কিছুদিন পূৰ্বে এনডিএৰ পৰা পৃথক হোৱা অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে৷ 

আনহাতে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীও শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে৷ তদুপৰি এছপিৰ অধ্যক্ষ অখিলেশ যাদৱ আৰু মায়াৱতীও অনুষ্ঠানত উপস্থিত থাকিব৷

শপত গ্ৰহণ অনুষ্ঠানত ২০১৯ৰ লোক সভা নিৰ্বাচনৰ বিজেপি বিৰোধী নীতি অবলম্বনৰ আৰম্ভণি হ’ব কোনো কোনোৱে মত প্ৰকাশ কৰিছে৷ আনহাতে কুমাৰস্বামীৰ শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ উপস্থিতিক কেন্দ্ৰীয় মন্ত্ৰী নিৰঞ্জনে কয় যে বিজেপি বিৰোধী শক্তিয়ে দেশৰ বিপৰীতে নিজৰ স্বাৰ্থৰ বাবেহে একগোট হৈছে৷