ষড়ানন বৰা, চামগুৰিঃ ক্ৰমাৎ অধিক অৱনতি ঘটিছে চামগুৰিৰ লাওখোৱাৰ বান পৰিস্থিতিৰ। চতুৰ্থ দিনাও ক্ৰমাৎ জলমগ্ন হৈছে ইখনৰ পাছত সিখন গাঁও। মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়াৱহ বানৰ কবলত পৰি ইতিমধ্য জলবন্দী হৈ আছে চাৰি নং ভগামুখৰ লগতে বৃহত্তৰ লাওখোৱা অঞ্চলৰ তিনি সহস্ৰাধিক লোক।

বৰ্তমানেও বগৰিআটি প্ৰাথমিক বিদ্যালয়ৰ লগতে বিভিন্নস্থানত কেইবাটাও পৰিয়াল আৱদ্ধ হৈ আছে যদিও বৰ্তমান পৰ্যন্ত চৰকাৰ তথা জলসম্পদ বিভাগে এইসকল লোকক উদ্ধাৰৰ বাবে গ্ৰহন কৰা নাই কোনো বিশেষ পদক্ষেপ। 

ইয়াৰ বিপৰীতে স্থানীয় কেইজনমান যুৱকে অতি সাহসিকতাৰে এইসকল লোকক উদ্ধাৰ কৰিবলৈ চলাইছে অহৰহ চেষ্টা। অন্য কিছুলোকে আকৌ নাঁৱৰ সহায়তে  নিৰাপদ স্থান বিচাৰি ঢাপলি মেলিছে মাথাউৰিলৈ।