• নিজে ভোটাধিকাৰ সাব্যস্ত কৰা পঞ্চায়ত ৱাৰ্ডতো কংগ্ৰেছৰ শোচনীয় পৰাজয় 

নগাঁওঃ  ''একালৰ বৃন্দাবন একালে পৰে চন" —এই আপ্ত বাক্য শাৰী প্ৰযোজ্য হৈছে এসময়ৰ মহা প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনৰ ক্ষেত্ৰত। আজি পুৱাৰে চলি থকা ভোট গননা অনুসৰি এইগৰাকী ভগা-মন্ত্ৰীৰ গৃহ সমষ্টিত কংগ্ৰেছৰ বিপৰ্যয়ৰ বিপৰীতে গেৰুৱা দল বি জে পিৰ উত্থাপনে বিশেষ তাৎপৰ্য বহন কৰিছে। আনকি মন্ত্ৰী ৰকিবুল হুছেইনে ভোটাধিকাৰ সাব্যস্ত কৰা আমলখি পঞ্চায়ততো কংগ্ৰেছৰ শোচনীয় পৰাজয় হয়। 

পঞ্চায়তটোৰ দহটা ৱাৰ্ডত ভিতৰত ৯ টা ৱাৰ্ডতে বি জে পিৰ প্ৰাৰ্থীয়ে জয় লাভ কৰাৰ লগতে হুছেইনে ভোট দান কৰা ৪ নং ৱাৰ্ডতো কংগ্ৰেছৰ বিপৰ্যয় ঘটে। চামগুৰি সমষ্টিৰ আমলখি পঞ্চায়তত বি জে পিৰ সভাপতি পদত সোনালী বেহেৰা আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ৰাজু চবৰে জয় লাভ কৰাৰ বিপৰীতে আমবাগান গাঁও পঞ্চায়তত সভাপতি পদত চনম মণ্ডল আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কল্পনা সিং বনিকে জয় লাভ কৰে।

একেদৰে চামগুৰি গাঁও পঞ্চায়তৰ সভাপতি পদত মনিকা দাস হাজৰিকা আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বাবুল দাসে জয় লাভ কৰে। সমষ্টিটোৰ আনকেইবাটাও পঞ্চায়তত বি জে পিৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি থকাৰ পৰিৱৰ্তে জিলা পৰিষদৰ চাৰিখন আসনৰ দুখনত বি জে পিয়ে অগ্ৰগতি লাভ কৰি আছে।

দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দুৰ্গ হিচাপে চিহ্নিত হৈ অহা সমষ্টিটোত বি জে পিৰ এই উত্থানে এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী গৰাকীৰ ভেটিত যে বি জে পিয়ে কঁপনি তুলিছে সেইটো প্ৰায় নিশ্চিত হৈ পৰিছে।

মূলতঃ সমষ্টিটোত নিৰ্বাচন আহিলেই একাংশ কংগ্ৰেছী নেতা পালিনেতাৰ চূড়ান্ত উদ্ভন্দালি আৰু দাদাগিৰিয়ে ভোটাৰ ৰাইজক অতিষ্ঠ কৰি আহিছিল আৰু ইয়াৰ পৰিণতিতেই এইবাৰ পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত কংগ্ৰেছ দল চৰম বিপযয়ৰ সন্মুখীন হ'ব লগা হয় বুলি ৰাইজে মন্তব্য কৰে।

আনহাতে,অ গ পই সমষ্টিটোত শক্তিশালী ভেটি সুদৃঢ় কৰাত ব্যৰ্থ হোৱাৰ বাবেই বি জে পিৰ লক্ষণীয় উত্থান ঘটিছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।