newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ০৭ জুনত নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ এক বিশেষ অনুষ্ঠানত সংঘৰ স্বয়ংসেৱকসকলক সম্বোধন কৰিছিল৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ নিমন্ত্ৰণ স্বীকাৰ কৰাৰ পিছৰে পৰা কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই তেওঁক এই সিদ্ধান্ত পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছিল৷ 

আনকি কেইবাজনো জ্যেষ্ঠ নেতাৰ সমালোচনাৰো সন্মুখীন হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী৷ এইবাৰ শিৱসেনাৰ নেতাৰ বাবে বিতৰ্কত সোমাই পৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী৷ বিজেপিৰ মহাৰাষ্ট্ৰৰ সহযোগী শিৱসেনাৰ নেতা, সাংসদ সঞ্জয় ৰাউটে আৰএছএছে প্ৰণৱ মুখাৰ্জীক প্ৰধানমন্ত্ৰী ৰূপে থিয় কৰাব বুলি দাবী কৰে৷ তেওঁ কয় যে ২০১৯ চনত বিজেপিয়ে যদি সংখ্যাগৰিষ্ঠতা লাভ নকৰে তেন্তে আৰএছএছে প্ৰণৱ মুখাৰ্জীক প্ৰধানমন্ত্ৰী ৰূপে থিয় কৰাব৷

আনহাতে সঞ্জয় ৰাউটে বিজেপিৰ বৰ্তমান হাতত থকা লোকসভাৰ আসনৰ ১১০ খন আসন হেৰুৱাব বুলি দাবী কৰে৷ সঞ্জয়ে কয় ‘‘বিজেপিৰ বিৰুদ্ধে যেনেদৰে দেশৰ লোক ক্ষোভিত হৈ পৰিছে এই কথাৰ প্ৰতি লক্ষ্য কৰি বৰ্তমান হাতত থকা ১১০ খন আসন হেৰুৱাব৷’’

উল্লেখ যে, মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাই দীৰ্ঘদিন ধৰি মিত্ৰজোঁটেৰ চৰকাৰ চলাই আহিছে যদিও শিৱসেনাৰ নেতাসকলে বাৰে বাৰে বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰক আক্ৰমণ কৰি আহিছে৷ ইয়াৰ লগে লগে কিছুদিন পূৰ্বে অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনত শিৱসেনাই নিজৰ প্ৰাৰ্থী থিয় কৰায়৷