কাকপথাৰঃ এজন নহয়, দুজন নহয় পাঁচজনকৈ অসমীয়াৰ গুলীবিদ্ধ নিথৰ দেহ পৰি ৰৈছিল৷ সেইদিনা নিশা গুলীৰ শব্দত যেন অন্ধকাৰ নামি আহিছিল অঞ্চলটোলৈ৷ সেনাবাহিনীয়ে ঘেৰি লৈছিল সমগ্ৰ অঞ্চলটো৷ ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰীৰ সেই ভয়াবহ দিনটোক আজিও পাহৰিব পৰা নাই তিনিচুকীয়া জিলাৰ ডাঙৰী তালাপ অঞ্চলৰ ৰাইজে৷
ঘটনা সংঘটিত হোৱাৰ সময়ত কণ কণ হৈ থকা ল'ৰা-ছোৱালীবোৰ এতিয়া ২৩ বছৰীয়া হ’ল৷ জ্যেষ্ঠসকলৰ পৰা সাধু কথাৰ দৰে আজিও ঘোৰ অমানিশা নামি অহা সেই দিনটোৰ কথা শুনি শিয়ৰি উঠে তেওঁলোক ৷
জিলাখনৰ ৫টাকৈ পৰিয়ালৰ পাঁচজনকৈ লোকক সেই নিশা ভুৱা সংঘৰ্ষৰ নাটক ৰচি সেনাবাহিনীয়ে হত্যা কৰাৰ অভিযোগত তোলপাৰ হৈ পৰিছিল সমগ্ৰ ৰাজ্য। নিহত লোককেইজন হৈছে আছুৰ সেই সময়ৰ উপদেষ্টা ডাঙৰী গাঁৱৰ প্ৰবীন সোণোৱাল, তালাপৰ প্ৰদীপ দত্ত, দেৱজিত বিশ্বাস, ধলা ন’ বৰমুৰা গাঁৱৰ অখিল সোণোৱাল আৰু ধুলিজান ২নং তামুলী গাঁৱৰ ভৱেন মৰাণ।
সদৌ অসম ছাত্ৰ সন্থাৰ সেই সময়ৰ সভাপতি সৰ্বানন্দ সোণোৱালে উক্ত পাঁচজন লোকক জাতীয় শ্বহীদ ঘোষণা কৰাৰ লগতে ৰাজ্যজুৰি এক আন্দোলন গঢ়ি তুলিছিল। নিৰীহ লোকক হত্যা কৰাৰ বিৰুদ্ধে বৰ্তমানৰ চৰকাৰখনত থকা মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তকে আদি কৰি সেই সময়ৰ বহু নেতাই উচিত বিচাৰৰ দাবীত প্ৰতিবাদী সভাসমূহত অংশগ্ৰহণ কৰি আন্দোলন কৰিছিল।
কিন্তু যোৱা তেইশটা বছৰে চৰকাৰ আহিল আৰু গ’ল কিন্তু এইসকল দূৰ্ভগীয়া পৰিয়ালৰ কথা এবাৰো কাৰোৰে মনলৈ নাহিল। শ্বহীদৰ বিনিময়ত নেতা হৈ শাসনৰ গাদীত বহা মন্ত্ৰী বিধায়কে শ্বহীদ পৰিয়ালৰ দুৰৱস্থাৰ খবৰ ল'বলৈ আহৰিকে নাপালে।
আছুৰ তিনিচুকীয়া জিলা আৰু ডাঙৰী আঞ্চলিক সমিতিয়ে অসম চৰকাৰলৈ শ্বহীদ পৰিয়ালক এককালীন সাহায্য প্ৰদানৰ দাবী জনায় স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও আজিপৰ্য্যন্ত কোনোধৰণৰ সহাৰি লাভ নকৰিলে পৰিয়াল কেইটাই।
ইফালে ১৯৯৪ চনত সেই সময়ৰ বিধায়ক জগদীশ ভূঞাই উচ্চতম ন্যালয়ত এক গোচৰ দাখিল কৰাত ২০০১ চনত আদালতে শ্বহীদ পৰিয়ালক পাঁচ লাখকৈ টকাৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক নিৰ্দেশ দিছিল৷ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পাছতো বৰ্তমানেও লাভ নকৰিলে সেই টকা।
শ্বহীদ ভৱেন মৰাণ পত্নী লীলেশ্বৰী মৰাণক তৎকালে কাৰ্যকৰী হোৱাকৈ ছৈখোৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৪ৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি প্ৰদান কৰা হয় যদিও আজিকোপতি নিয়মীয়া নোহোৱাত স্বাভাৱিকতে হতাশ হৈ পৰিছে পৰিয়ালকেইটা৷ প্ৰলয়ংকাৰী বান আৰু গৰাখহনীয়াই ঘৰ আৰু খেতি পথাৰ উছন কৰাত শ্বহীদ ভৱেন মৰাণৰ পৰিয়ালটোলৈ একপ্ৰকাৰ অমানিশা নামি আহিছে৷
সুদীৰ্ঘ ২২ বছৰে চাকৰি নিয়মীয়া নোহোৱা লীলেশ্বৰী বৰ্তমান চকুৰ ৰোগত আক্ৰান্ত৷ সোণোৱাল, অতুল, কেশৱহঁতে আছুৰ সেই সময়ৰ উপদেষ্টা ডাঙৰী গাঁৱৰ প্ৰবীণ সোণোৱাল, তালাপৰ প্ৰদীপ দত্ত, দেৱজিত বিশ্বাস, ধলা ন’ বৰমূৰা গাঁৱৰ অখিল সোণোৱাল আৰু ধুলিজান ২নং তামুলী গাঁৱৰ ভৱেন মৰাণক পাহৰি যোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।
শ্বহীদ ভৱেন মৰাণৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ পত্নী লীলেশ্বৰীৰ চাকৰিটো নিয়মীয়া কৰাৰ ব্যৱস্থা কৰিবলৈকো সেই সময়ত বৰ বৰ কথা কোৱা বৰ্তমান শাসনৰ গাদীত থকা সোণোৱাল, অতুল আৰু কেশৱক দাবী জনাইছে অঞ্চলটোৰ প্ৰতিগৰাকী লোকে।