ডিজিটেল ডেস্কঃ পদ্মাৱতৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ কণ কণ ছাত্ৰ-ছাত্ৰীক গৃহ বন্দী কৰাৰ ঘটনাই দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হাৰিয়ানাৰ গুড়গাঁৱত কণ কণ ছাত্ৰ-ছাত্ৰীসকল কঢ়িওৱা এখ বাছত আক্ৰমণ কৰাৰ ভিভিঅ’টো দেশত ভাইৰেল হৈ পৰে৷

ভিডিঅ’টো ইটাৰ টুকুৰা নিক্ষেপ কৰা দেখা যায় বাছ খনলৈ৷ উক্ত সময়ত ভয়ত হাহাকাৰ কৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে৷ প্ৰাণৰ মমতাত চিৎকাৰ কৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে৷ আতংকিত ছাত্ৰ-ছাত্ৰীয়ে ভয়ত চিটৰ পৰা নামি গাড়ীৰ ভিতৰতে প্ৰাণ বচোৱাৰ চেষ্টা কৰি কান্দোনত ভাগি পৰা দেখা যায়৷ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে একাংশ লোকে তীব্ৰ গৰিহণা দিয়ে৷

টুইটাৰ, ফেচবুকত ভিডিঅ’টো চেয়াৰ কৰি গৰিহণা দিয়াৰ লগতে কণ কণ ছাত্ৰী-ছাত্ৰীক গৃহ বন্দী কৰাত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ অভিনেচা ফাৰহান আখতাৰে স্কুলত বাছত আক্ৰমণ কৰা লোকসকলক সন্ত্ৰাসবাদী আখ্যা দিয়ে৷ স্কুল বাছত আক্ৰমণ কৰাৰ ঘটনাৰ সৈতে জড়িত ইতিমধ্যে ১৮ গৰাকী লোকক আৰক্ষীয়ে আটক কৰিছে৷ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, বলিউডৰ তাৰকা ফাৰহান খান, প্ৰকাশ ৰাজ, আয়ুস্মান খুৰানা আদিয়ে ক্ষুৰধাৰ সমালোচনা কৰে৷