newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ কৌনজত সংঘটিত এক দুৰ্ঘটনাই শোকৰ ছাঁ বিয়পাইছে৷ সোমবাৰে পুৱা এখন যাত্ৰীবাহী বাছৰ খুন্দাত ৬ গৰাকী ছাত্ৰৰ মৃত্যু ঘটে৷ তদুপৰি এগৰাকী শিক্ষকো এই ঘটনাত নিহত হয় বুলি জানিব পৰা গৈছে৷
আনহাতে ৩ জন ছাত্ৰ আহত হয়৷ ইয়াৰে দুগৰাকী ছাত্ৰৰ অৱস্থা অতি সংকটজন বুলি জানিব পৰা গৈছে৷
আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে পুৱা ৪ বজাত আগ্ৰা-লক্ষ্নৌ কনৌজৰ সমীপৱৰ্তী কবীৰ নগৰৰ এখন মহাবিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ আৰু শিক্ষকে হৰিদ্বাৰ দৰ্শনৰ বাবে বাছেৰে ৰাওনা হয়৷ কিন্তু তেওঁলোকে যাত্ৰা কৰা বাছখনৰ আধা বাটতে বিজুতি ঘটাত ছাত্ৰ কেইগৰাকীয়ে আন যাত্ৰীবাহী বাছৰ অপেক্ষাত ৰয়৷
সেই সময়তে এখন তীব্ৰবেগী বাছে পথৰ দাঁতিত ৰৈ থকা ৰৈ থকা শিক্ষক আৰু ছাত্ৰসকলক মহতিয়াই লৈ যোৱাত ৬ গৰাকী ছাত্ৰ, এগৰাকী শিক্ষকৰ ঘটনাস্থলীতে মৃত্যু ঘটে৷ আনহাতে ঘটনাত ৩ গৰাকী ছাত্ৰ গুৰুতৰ ভাৱে আহত হয়৷ স্থানীয় ৰাইজে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰে৷
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছ চালক জনে পলায়ন কৰে৷ আৰক্ষীয়ে বাছ চালকজনৰ অনুসন্ধান অব্যাহত ৰখাৰ লগতে নিহত ছাত্ৰকেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷
আনহাতে উত্তৰ প্ৰদেশ চৰকাৰে এই ঘটনাত দুখ প্ৰকাশ কৰি নিহতৰ পৰিয়াললৈ ২ লাখ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰে৷