ডিজিটেল ডেস্কঃ গিনিজ বুকত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা এগৰাকী জনপ্ৰিয় গজল গায়কৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰিছে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ৷ এগৰাকী ৰেডিঅ’ জকিয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে গজল গায়কৰ বিৰুদ্ধে৷

অন্ধ্ৰপ্ৰদেশৰ গজল গায়ক কেছৰিৰাজু শ্ৰীনিবাসনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে ৰেডিঅ’ জকিয়ে যোৱা যোৱা ৯ মাহে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে গজল গায়ক কেছৰিৰাজু শ্ৰীনিবাসনে এই অভিযোগক উদ্দেশ্যে প্ৰণোদিত বুলি কয়৷

সৰ্বাধিক ভাষাৰ গীত খাই গিনিছ বুক অৱ ওৱাল্ড বুকত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়৷ ২০০৮ চনত ৭৬ ভাষাত গীত খাই দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰে৷ ২৪ ঘন্টাত ৫৪টা অনুষ্ঠানত গীত গায়ো অভিলেখ সৃষ্টি কৰিছিল৷ আনহাতে আৰক্ষীয়ে আটক কৰে কেছৰিৰাজু শ্ৰীনিবাসনক৷