newsnextone.com | গুৱাহাটীঃ দেওবাৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰাজ্যজুৰি অনুষ্ঠিত কৰা কেইবাটাও পদৰ পৰীক্ষাত ব্যাপক হাৰত প্ৰশ্নকাকত হোৱাটছএপ যোগে ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল৷ অভিযোগ উত্থাপন হোৱাৰ পিছতে একাংশ দল সংগঠনে পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছিল৷ 

অভিযোগ মতে পৰীক্ষা আৰম্ভ হোৱাৰ এঘণ্টা মান পিছৰে পৰা প্ৰশ্নকাকত হোৱাটছএপ যোগে পৰীক্ষা কেন্দ্ৰৰ বাহিৰ হ'বলৈ ধৰে। এইখিনিতে সচেতন যুৱচামে ছ'চিয়েল মিডিয়াযোগে স্বচ্ছ আৰু দক্ষ ব্যৱস্থাৰ কথা কৈ অহা আৰু যোগ্যজনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি অহা অসম চৰকাৰৰ পৰীক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলে৷ 

তদুপৰি বিভাগটোৰ দক্ষতা আৰু বিশ্বাসযোগ্যতাক লৈও ব্যাপক চৰ্চা আৰম্ভ হৈছিল৷ ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে সোমবাৰে সংবাদ মাধ্যমৰ মুখামুখী হয় বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলৈয়ে৷ 

নৱ কুমাৰ দলৈয়ে অনুষ্ঠিত হৈ যোৱা পদ সমূহৰ পৰীক্ষা পুনৰ অনুষ্ঠিত নহয় বুলি স্পষ্ট কৰে৷ কামৰূপৰ ৰঙিয়াত প্ৰশ্নকাকতৰ নাটনি হোৱাৰ কথা স্বীকাৰ কৰে৷ আনহাতে মন্ত্ৰী নৱ দলেই যি সমূহ ঠাইত পৰীক্ষাত খেলিমেলি হোৱা বুলি অভিযোগ উত্থাপন হৈছে তাৰ উচিত তদন্ত কৰা হ’ব বুলি কয়৷ হোৱাটছএপত প্ৰশ্নকাকত ফাদিল হোৱা বুলি প্ৰচাৰ খবৰৰ তদন্ত হ’ব বুলি কৈ পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱা বুলি কয় মন্ত্ৰী দলৈয়ে৷

ইপিনে ছাত্ৰ ফেডাৰেচন অৱ ইণ্ডিয়াৰ গুৱাহাটী মহানগৰ সমিতিয়ে পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবীত গুৱাহাটী ক্লাবত প্ৰতিবাদী সাব্যস্ত কৰে৷ এছএফআইয়ে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ৰাজ্য চৰকাৰে এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাত তীব্ৰ সমালোচনা কৰে৷ গুৱাহাটী ক্লাব ৰ’টাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে৷ পৰীক্ষাত নিয়োগ কৰা শিক্ষকৰ বিৰুদ্ধে আৰু সমস্ত ঘটনাৰ তদন্তৰ দাবী জনায় সংগঠনটোৱে৷

জানিব পৰা মতে, সম্প্ৰসাৰণ বিষয়া, কনিষ্ঠ সহায়ক, গ্ৰাম সেৱক-সেৱিকা, কৰ সংগ্ৰাহক, পঞ্চায়ত সচিবকে ধৰি মুঠ ৯৪৫ টা পদৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেওবাৰে ১ বাজি ৩০ মিনিটত পৰা পৰীক্ষা অনুষ্ঠিত হৈছিল৷