newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপিৰ এগৰাকী কৰ্মীৰ হত্যা কাণ্ডই চুবুৰীয়া ৰাজ্য পশ্চিম বংগক উত্তাল কৰি ৰাখিছে৷ বিজেপিয়ে এই হত্যা কাণ্ডৰ বিৰুদ্ধে দিল্লীত-কলকাতাত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগত গোচৰ তৰে৷

তৃণমূলৰ নেত্ৰী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ অব্যাহত ৰাখিছে বিজেপিয়ে৷ পশ্চিং বংগৰ পুৰুলিয়া জিলাত এগৰাকী বিজেপি কৰ্মীক কোনো লোকে হত্যা কৰে৷ 

তাৰ পিছতে ৰাজ্য খনত উত্তেজনাই বিৰাজ কৰিছে৷ শনিবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতা শ্বাহনাৱাজ হুছেইনে তৃণমূল কংগ্ৰেছক আক্ৰমণ কৰি হত্যাকাণ্ডত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ জড়িত থকাৰ সন্দেহ কৰি তৃণমূলৰ শাসন কালক ‘তালিবান কংগ্ৰেছ পাৰ্টি’ৰ শাসন কাল আখ্যা দিয়ে৷ 

উল্লেখ্য যে, ২০ বছৰীয়া পুৰুলিয়া জিলাৰ দাবা গাঁৱত ত্ৰিলোচন মাহাতু নামৰ এগৰাকী যুৱকক হত্যা কৰিছিল দুৰ্বৃত্তই৷ কেইগৰাকীমান লোকে ঘটনা সংঘটিত হোৱাৰ দুদিন পূৰ্বে ত্ৰিলোচনক কোন দলৰ সৈতে জৰিত বুলি কেইজনমান লোকে প্ৰশ্ন কৰাৰ অভিযোগ উত্থাপন হৈছে৷