the jaihind express
the jaihind express

ডিজিটেল ডেস্কঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মিত্ৰজোঁটৰ ন ন অংক কৰিবলৈ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে৷ এইবাৰ কংগ্ৰেছৰ গাত ভেজা দি নিৰ্বাচনী বৈতৰণী পাৰ কৰিবৰ বাবে সাজু হৈছে এনচিপি দল৷ এই কথা খোদ ঘোষণা কৰিলে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে৷ 

পাৱাৰে শনিবাৰে জানিবলৈ দিয়া মতে, আগন্তুক লোকসভা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত সম-বিচাৰধাৰাৰ দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত যুঁজ দিব বুলি কয়৷ 

উল্লেখ্য যে, বিগত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত এনচিপিয়ে এককভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ আনহাতে ৰাহুল-পাৱাৰৰ মিলিত হোৱাকলৈ লৈ ওলোৱা উৰাবাতৰি সন্দৰ্ভত শাৰদ পাৱাৰে মতপোষণ কৰে, এতিয়া হ’ল অপপ্ৰচাৰৰ সময়৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ সৈতে মিলিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী কোন (?) হ’ব তাকলৈ কোনো ধৰণৰ আলোচনা হোৱা নাছিল৷ 

প্ৰাক্তন কেন্দ্ৰীয় কৃষি মন্ত্ৰী শাৰদ পাৱাৰে বুলেট ট্ৰেইন আঁচনিৰ প্ৰয়োজনীয়তা সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰে৷