• ভোটগননাৰ কাম বৰ্জনৰ সিদ্ধান্ত কৰ্মচাৰী সকলৰ

তিতাবৰঃ  তিতাবৰৰ ভোট গণনাকেন্দ্ৰত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰশাসনৰ ফালৰ পৰা ভোটগননাত নিয়োজিত কৰ্মচাৰী সকলত সময় মতে খাদ্যৰ যোগান নধৰাত কেন্দ্ৰতোত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷   খাদ্যৰ অভাৱত কৰ্মচাৰী সকলে মনপুতি কাম কৰিব পৰা নাই৷ ভূক্তভোগী কৰ্মচাৰীসকলে অতি সোনকালে কেন্দ্ৰতোত খাদ্যৰ যোগান ধৰিবৰ কাৰনে প্ৰশাসনক আহ্বান জনাইছে ৷ খাদ্যৰ যোগান নধৰিলে ভোটগননাৰ কাম বৰ্জনৰ সিদ্ধান্ত লৈছে কৰ্মচাৰী সকলে ৷