ডিজিটেল ৰিপ'ৰ্টঃ বিশেষভাৱে সক্ষম হৈয়ো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মঙলদৈৰ ৰূপশিখা নাথক অভিনন্দন জ্ঞাপন কৰে দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে।
বৃহস্পতিবাৰে ৰূপশিখাৰ বাসগৃহত উপস্থিত হৈ এটি কিতাপৰ টোপোলা উপহাৰস্বৰূপে আগবঢ়াই অভিনন্দন জ্ঞাপন কৰে অৰক্ষী বিষয়াগৰাকীয়ে। তেওঁ ৰূপশিখাৰ পিতৃ-মাতৃৰ সৈতেও দীঘলীয়া সময় ধৰি বাৰ্তালাপ কৰে।
প্ৰস্থানৰ সময়ত আৰক্ষী অধীক্ষকগৰাকীয়ে শাৰীৰিক বাধাগ্ৰস্থতাকো নেওচি অধ্যাৱসায়েৰে অসাধাৰণ কৃতিত্বৰ অধিকাৰী হোৱা ৰূপশিখা সমাজৰ বাবে আদৰ্শ বুলি মন্তব্য কৰি পিতৃ-মাতৃৰ দায়িত্ব আৰু কৰ্তব্যপৰায়ণতাক প্ৰশংসা কৰে।
উল্লেখঅয যে দৰং জিলাৰ মঙ্গলদৈৰ কৰিম চকৰ বাসিন্দা তথা আৰক্ষী বিভাগৰ উপ পৰিদৰ্শক কমলেশ্বৰ নাথ আৰু হেমন্তী নাথৰ কন্যা ৰূপশিখা নাথে লকোমটৰ নামৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পিছতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।
বিশেষভাৱে সক্ষম ৰূপশিখাই ইংৰাজীত ৮০, অসমীয়াত ৮৪, বিজ্ঞানত ৮৪, সমাজ বিজ্ঞানত ৮২, হিন্দীত ৮০ আৰু অংকত ৬৯ নম্বৰ লাভ কৰে। ৰূপশিখাৰ এই সাফল্যই পিত-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসীকে গৌৰৱান্বিত কৰি তুলিছে।