newsnextone.com | ডিজিটেল ডেস্কঃ হস্পিতালৰ বাহিৰত কান্দোনত ভাগি পৰিছে জনতাৰ নেতাৰ সমৰ্থক। হাজাৰ হাজাৰ সমৰ্থকক বাধা দি ৰখাব পৰা নাই আৰক্ষীয়ে। কোনোৱে দুই-তিনিদিনলৈ নেতাৰ খবৰ লবলৈ আহি দোকানৰ সন্মুখত, পদপথত পৰি ৰৈছে। কোনো মুহূৰ্তত বেয়া খবৰ আহিব পাৰে বুলি ভেকুৰি উঠে নেতাৰ সমৰ্থকসকল। যোৱা কেইবাদিন ধৰি হস্পিতালৰ বাহিৰত থিয় থকা সমৰ্থকে ভাত-পানী সকলো পাহৰি তেওঁলোকৰ প্ৰিয় নেতাৰ আশু আৰোগ্য কামনা কৰি প্ৰৰ্থনা কৰি আহিছে।
কেকিয়াবা কেতিয়াবা আবেগিক হৈ পৰি হস্পিতালৰ ভিতৰলৈ যাব খোজে সমৰ্থকে। কিন্তু সেয়া সম্ভৱ নহয় বাবেই অনিচ্ছা সত্বেও লাঠিচালনা কৰি খেদি পঠিয়াব লগা হয় আৰক্ষীয়ে। ৰাজ্যখনৰ একালৰ জনপ্ৰিয় নেতাগৰাকী এতিয়া হস্পিতালৰ বিছনাত সময় পাৰ কৰিছে। মুহূৰ্তই মুহূৰ্তই অহা খবৰ বোৰে চিন্তিতি কৰিছে সমৰ্থকক। হয়, ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ কথাকে কৈছো।
ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিক যোৱা ২৯ জুলাইৰ নিশা আবাসৰ পৰা হস্পিতালত ৰখা হয়৷ চেন্নাইৰ কাবেৰি হস্পিতালত এটা বিশেষ চিকিৎসকৰ দলৰ তত্বাৱধনাত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৰক্ত চাপ আৰু জ্বৰৰ চিকিৎসা কৰি থকা হৈছে৷ কিন্তু ৬ আগষ্টৰ পৰা পুনৰ স্বাস্থ্যৰ অধিক অৱনতি হয় কৰুণানিধিৰ। ডাক্তৰে তেওঁৰ অংগ সমূহে কাম কৰিবলৈ বন্ধ কৰি দিয়া বুলি প্ৰকাশ কৰে। অহা ২৪ ঘণ্টা তেওঁৰ বাবে সংকটৰ সময় বুলি কয়।
এম কৰুণানিধিৰ পত্নী সোমবাৰৰ পৰা হস্পিতালত বাহৰ পাতিছে। পুত্ৰ ষ্টেলিন আৰু কন্যা কানিমুঝিয়ে সকলো সময়তে পিতৃৰ সৈতে থকা পৰিলক্ষিত হয়।
২৯ জুলাইৰ নিশা ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি ঘটাত গোপালপুৰম স্থিত আবাসৰ পৰা চিকিৎসালয়লৈ অনা হৈছিল তেওঁক৷ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছৰে পৰা হাজাৰ হাজাৰ সমৰ্থকে চিকিৎসালয়ৰ সন্মুখত ভিৰ কৰে৷ আবেগিক হৈ পৰে সমৰ্থক৷ একাংশ সমৰ্থকে প্ৰকৃত খবৰ নিদিয়া বুলি উত্তেজিত হৈ পৰে৷
ফলত আৰক্ষীয়ে লাঠি চালনা কৰিব লগা হৈ আহিছে সময়ে সময়ে৷ সমৰ্থকক কোনো ধৰণৰ হিংসাৰ আশ্ৰয় নলবলৈ কয় আৰু ভুৱা প্ৰচাৰক বিশ্বাস নকৰিবলৈ কৈ আহিছে ষ্টেলিনে৷ আনহাতে দেশৰ ৰাষ্ট্ৰপতিকে ধৰি সকলো শাসক- বিৰোধী দলৰ নেতাই হস্পিতালত উপস্থিত হৈ কৰুণানিধিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আশু আৰোগ্য কামনা কৰে ৷
১৯৯৮ চনত কৰুণানিধিৰ দল দ্ৰাবিড় মুনেত্ত কণগমে বিপি সিঙৰ মিত্ৰজোঁটৰ চৰকাৰত চামিল হৈছিল৷ ইয়াৰ পিছত বিজেপি, কংগ্ৰেছৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ লগতে তৃতীয় মৰ্চা পৰ্যন্ত গঠন কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰ গঠন কৰাত কেইবাবাৰো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ১৯২৪ চনৰ ৩ জন্মগ্ৰহণ কৰা কৰুণানিধিয়ে৷ তেওঁ প্ৰথমবাৰ তামিলনাডুৰ ১৯৬৯ চনত মুখ্যমন্ত্ৰী হৈছিল৷ ২০০৬ চনলৈ পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী হৈছিল৷