শিলঘাটৰ পৰা দক্ষিণ ভাৰতলৈ চলিল তাম্বাৰাম এক্সপ্ৰেছ
কলিয়াবৰঃ মধ্য অসমৰ বাবে সুখবৰ৷ আজিৰে পৰা তাম্বাৰামলৈ যাত্ৰা আৰম্ভ কৰিলে শিলঘাট–গুৱাহাটী–তাম্বাৰাম এক্সপ্ৰেছ ৰে’লখনে৷
ইফালে নগাঁও ৰে’ল ষ্টেচনত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই ৰে’লখন। পূৰ্বৰ গুৱাহাটী–তাম্বাৰাম এক্সপ্ৰেছ ৰে’লখন সম্প্ৰসাৰণ কৰি আৰম্ভ কৰা হৈছে এই সেৱা।
এই এক্সপ্ৰেছ ৰে’লখনত এটা টু-টায়াৰ এচি দবা, চাৰিটা থ্ৰি-টায়াৰ এচি দবা, ১৩ টা শ্লিপাৰ ক্লাছ দবাসহ মুঠ ২৩ টা দবা থাকিব। এই ৰে’লসেৱা শুভাৰম্ভ হোৱাৰ ফলত চেন্নাইলৈ চিকিৎসাজনিত কাৰণে যোৱা মধ্য অসমৰ ৰোগীসকল বিশেষভাৱে উপকৃত হ'ব।
শিলঘাট টাউনৰ পৰা প্ৰতি শুকুৰবাৰে পুৱা ৮.৩০ বজাত যাত্ৰা কৰিব শিলঘাট–গুৱাহাটী–তাম্বাৰাম এক্সপ্ৰেছ ৰে’লখনে।