ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীয়ে ৰাহুল গান্ধী মোৰ BOSS হয় তাত কোনো সন্দেহ থাকিব নালাগে বুলি কয় বৃহস্পতিবাৰে৷

এই মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতেই চৰ্চা হব’লৈ আৰম্ভ হৈছে৷ পুত্ৰ ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ পিছতে বৃহস্পতিবাৰে প্ৰথম বাৰৰ বাবে ৰাহুল গান্ধী সন্দৰ্ভত এই মন্তব্য আগবঢ়াই মাতৃ ছোনিয়া গান্ধীয়ে৷

কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংসদীয় সমিতিৰ বৈঠকত ছোনিয়া গান্ধীয়ে কংগ্ৰছৰ নতুন অধ্যক্ষ সন্দৰ্ভত এই মন্তব্য আগবঢ়াই ৰাহুল গান্ধীক শুভেচ্ছা জ্ঞাপন কৰে৷ আনহাতে, ৰাহুল যে ছোনিয়া গান্ধীৰ BOSS  সেই কথাত কোনো সন্দেহ নায় বুলি কয়৷ ছোনিয়া গান্ধীৰ এই মন্তব্যৰ পিছতহে কংগ্ৰেছৰ সম্পূৰ্ণ ক্ষমতাৰ হস্তান্তৰ হোৱা বুলি চৰ্চা হয়৷

ছোনিয়া গান্ধীয়ে মোডী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ ৪ বছৰে সংসদ, ন্যায়পালিকা, সংবাদমাধ্যম আৰু চিভিল চ’ছাইটিৰ দৰে সাংবিধানিক সংস্থা বোৰ বিপদৰ সন্মুখীন হ’ব লগা হৈছে বুলি প্ৰকাশ কৰে৷ চৰকাৰে অনুসন্ধানকাৰী সংস্থা সমূহক বিৰোধী দলৰ বিপক্ষে ব্যৱহাৰ কৰা বুলি কয়৷ গুজৰাটৰ নিৰ্বাচনত কংগ্ৰেছে কঠিন পৰিস্থিতিত ভাল প্ৰৰ্দশন কৰিছে বুলিও কয়৷