newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্য উত্তল হৈ আছে৷ প্ৰতিদিনে ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যৰ দল-সংগঠনে৷ শনিবাৰেও অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ দুলীয়াজানত অনুষ্ঠিত হয় গণ সমাবেশ৷ কেইবা হাজাৰ লোকে লোকে অংশ লোৱা সমাবেশত কৃষক নেতা অখিল গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ 

তাৰ পিছতে অখিল গগৈয়ে সভাত সোণোৱাল জনগোষ্ঠীৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ বুলি এক বিবৃতি যোগে অভিযোগ উত্থাপন কৰে সোণোৱাল কছাৰী যুৱ মঞ্চই৷ সোণোৱাল কছাৰী যুৱ মঞ্চৰ সভাপতি জিতুল ৰাজ সোণোৱালে এক বিবৃতি যোগে অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি দুলীয়াজানত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সমগ্ৰ সোণোৱাল কছাৰী জাতিটোক লক্ষ্য কৰি মন্তব্য আগবঢ়োৱা বুলি অভিযোগ উত্থাপন কৰে৷

সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চ সভাপতিগৰাকীয়ে বিবৃতিতত আৰু কয় ‘‘অখিল গগৈয়ে এটা কথা মনত ৰখা উচিত যে তেওঁ অকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা নাই৷ এই প্ৰতিবাদ সোণোৱাল কাছাৰী সংগঠন সমূহেও কৰি আহিছে আৰু কৰি যাব৷ কিন্তু মুথ্যমন্ত্ৰী সোণোৱালৰ লগতে জাতিটোক সাঙুৰি অপমানজনক মন্তব্য আগবঢ়াই আহঁফলা নীতি প্ৰয়োগ কৰিছে কিয়?’’ 

ইমানে নহয় এজন মানুহৰ বাবে গোটেই জাতিটোক টানি আনিব লগা হ’ল কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে৷ অনাগত দিনত অসমীয়াৰ মাজত বিভেদ অনাৰ দৰে মন্তব্য নিদিবলৈ সদৌ সোণোৱাল কছাৰী যুৱমঞ্চই সকীয়াই দিয়ে অখিল গগৈক৷ অন্যথাই অনাগত প্ৰতিবাদী কাৰ্যসূচীত সোণোৱাল কছাৰী লোকসকলে অংশগ্ৰহণ নকৰে বুলি মন্তব্য প্ৰকাশ কৰে৷

উল্লেখ্য যে, অখিল গগৈয়ে সোণোৱাল জনগোষ্ঠীৰ বিৰুদ্ধে কি মন্তব্য প্ৰকাশ কৰিছিল সেই কথা উল্লেখ কৰা নাই সংগঠনটোৱে বিবৃতিত৷