ডিফুত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত চিইএম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা

ডিফুঃ  কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত আৰম্ভ হৈছে ফুটবলৰ জ্বৰ ৷ ২৭ ফেব্ৰুৱাৰী পৰা ১৪ মাৰ্চলৈ ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত চতুৰ্থ চিইএম স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতা ৷

আয়োজক কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত অসমৰ ভিতৰতে চিন্থেথিক ক'ৰ্ট থকা নৱনিৰ্মিত আন্ত:ৰাষ্ট্ৰীয় মানৰ খেলপথাৰ খনত ক্ৰমে শ্ৰীলংকা, নেপাল, ভুটান, স্থানীয় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চি, বিটিএডি দৈমালু ক্লাৱ, শ্বিলঙৰ অসম ৰাইফলচ, অসম পুলিছ ব্লুজ, গোৱা ছালগাওকাৰ এফচি, মণিপুৰৰ উপা, অসম এএছইবি এছচি, চিকিম ইউনাইটেড এফচি আৰু ত্ৰিপুৰাৰ জামপুই জালাকে ধৰি ১২ টা দলে লীগ পৰ্যায়ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব ৷

দিবা- নৈশ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত বুধবাৰে সন্ধিয়া ৬ বজাত উদ্ধোধনী খেলখন অনুষ্ঠিত হ'ব বিটিএডিৰ দৈমালু ক্লাব বনাম অসম ৰাইফলচ শ্বিলংৰ মাজত ৷ ২৮ ফেব্ৰুৱাৰীত মণিপুৰৰ উপা বনাম এএছইবি এছচি অসমৰ মাজত, ১ মাৰ্ত অসম  পুলিচ ব্লুজ বনাম ছালগাওকাৰ এফচি গোৱা, ২ মাৰ্চত ইউনাইটেড চিকিম এফচি বনাম জামপুই জালা ত্ৰিপুৰা,  ৩ মাৰ্চত ক্লাষ্টাৰ ১ৰ বিটিএডি দৈমালু ক্লাব আৰু অসম ৰাইফলচ শিলঙৰ মাজৰ বজয়ী বনাম অসম পুলিচ ব্লুজ আৰু ছালগাৱকাৰ এফচি গোৱাৰ মাজত বিজয়ী দলৰ মাজত অনুষ্ঠিত হ'ব ৷

৪ মাৰ্চত ক্লাষ্টাৰ ২ৰ উপা মণিপুৰ আৰু এএছইবি এছচি অসমৰ মাজৰ বিজয়ী বনাম ইউনাইটেড চিকিম এফচি আৰু জামপুইজালা ত্ৰিপুৰা মাজত অনুষ্ঠিত হোৱা বিজয়ী দলৰ মাজত হ'ব ৷ কোৱাৰ্টাৰ ফাইনেলত গ্ৰুপ 'এ' ত খেলিব ছংকটা ক্লাব নেপাল, জাভালেন এফচি শ্ৰী লংকা লগতে ক্লাষ্টাৰ ১ ৰ বিজয়ী দল ৷ 

গ্ৰুপ 'বি'ত খেলাৰ সুযোগ লাভ কৰিব থিম্ফু চিটি এফচি ভুটান, কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফচি লগতে ক্লাষ্টাৰ ২ৰ বিজয়ী দলে ৷ ইয়াৰ পিছত ক্ৰমে ৫ মাৰ্চত গ্ৰুপ 'এ'ৰ ছংকটা ক্লাব নেপাল বনাম ক্লাষ্টাৰ ১ৰ বিজয়ী,  ৬ মাৰ্চত গ্ৰুপ 'বি'ৰ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফচি বনাম ক্লাষ্টাৰ ২ৰ বিজয়ী,  ৭ মাৰ্চত গ্ৰুপ 'এ'ত ছংকটা  ক্লাব নেপাল বনাম জাভা লেন এছচি শ্ৰীলংকা,  ৮ মাৰ্চত গ্ৰুপ 'বি'ত থিম্ফু চিটি এফচি ভুটান বনাম কাৰবি আংলং মৰ্ণিং ষ্টাৰ এফচি, ৯ মাৰ্চত জাভালেন এছচি শ্ৰীলংকা বনাম ক্লাষ্টাৰ 'এ'ৰ বিজয়ী দল,  ১০ মাৰ্চত গ্ৰুপ 'বি'ত থিম্ফু চিটি এফচি ভুটান বনাম ক্লাষ্টাৰ ২ৰ বিজয়ী দলৰ মাজত অনুষ্ঠিত হব ৷

১১ মাৰ্চত প্ৰথমখন ছেমি ফাইনেল ১২ মাৰ্চত দ্বিতীয়খন ছেমি ফাইনেল অনুষ্ঠিত হোৱাৰ পিছত ১৪ মাৰ্চত বৰ্ণাঢ্য কাৰ্যসূচীৰে চতুৰ্থ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত কৰা হ'ব ৷ আজি পুৱা ডিফুত নৱনিৰ্মিত কাছা ষ্টেডিয়ামৰ সভা কক্ষত এক সংবাদ মেলৰ আয়োজন কৰি কাছাৰ সভাপতি তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাধাৰণ সম্পাদক পংকজ টেৰণে বিস্তৃতভাবে জানিবলৈ দিয়ে ৷

উদ্যোক্তা সকলে জানিবলৈ দিয়া অনুসৰি চকীৰ আসনত বহি খেলা উপভোগ কৰিবলৈ দৰ্শনাৰ্থী সকলে ছিজন টিকটৰ বাবদ ১০ হাজাৰ টকা আৰু এখন খেলৰ বাবে ১ হাজাৰ টকা বৰঙনি দিব লাগিব ইয়াৰোপৰি গেলেৰীৰ দৰ্শকৰ বাবে  এখন খেলৰ টিকটৰ বৰঙণিৰ হাৰ মাত্ৰ এশ টকা  নিৰ্দ্ধাৰণ কৰিছে বুলি জানিব পৰা গৈছে৷ আনহাতে বিজয়ী দলক ট্ৰফীৰ ওপৰি ২ লাখ টকা পুৰষ্কাৰৰ লগতে বিজেতা দলৰ বাবে ট্ৰফী সহ ১ লাখ টকা প্ৰদান কৰা হ'ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷