ডিজিটেল ডেস্কঃ গুপ্তচৰবৃত্তিৰ অভিযোগত ভাৰতীয় বায়ুসেনাৰ এক বিষয়াক বুধবাৰে আটক কৰা হৈছে৷ ধৃত বিষয়াজনৰ নাম আৰু পৰিচয় বৰ্তমানলৈকে গোপনে ৰাখিছে বায়ুসেনাই৷ এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি, আইএএফৰ কেন্দ্ৰীয় সুৰক্ষাৰ এটা দলে বিষয়াজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

ইফালে, বায়ুসেনাৰ এক সূত্ৰ অনুসৰি, ধৃত বিষয়াৰ পৰা অনুমতিবিহিন ভাবে ৰখা এটা ইলেকট্ৰনিক ডিভাইছ উদ্ধাৰ কৰাৰ লগতে তেওঁৰ কিছুমান কাৰ্যকলাপো সন্দেহজনক বুলি ধৰা হৈছে৷ উল্লেখ্য, গুপ্তচৰবৃত্তিৰ বাবেই সেই ডিভাইছ ব্যবহাৰ কৰা হৈছিল নেকি, সেয়া ভালদৰে তদন্ত কৰা বুলি জনা গৈছে।