ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক যুঁজ খন ক্ৰমে আকৰ্ষিত হৈ পৰিছে৷ গাদী দখলৰ কুচকাৱাজ আৰম্ভ হোৱাৰ সময়তে বিজেপি শাসিত ৰাজ্য খনত শাসকীয় দলটোৱে বিভিন্ন ঠাইত বাধাৰ সন্মুখীন হৈ আহিছে৷ তাৰ মাজতে বিজেপি বিৰোধি এটি ভিডিঅ’ ভাইৰেল হৈ পৰে ইন্টাৰনেটত৷ ইন্টাৰ নেটত ভাইৰেল হৈ পৰা ভিডিঅ’টোত একাংশ ছাত্ৰই বিজেপিক ভোট নিদিয়াৰ বাবে শপত লোৱা দেখা যায়৷

অনাগত নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰ বাবে শপত লোৱা ভিডিঅ’টো সংবাদ গোষ্ঠী এএনআইয়ে প্ৰচাৰ কৰে৷ যেতিয়ালৈকে বিজেপি চৰকাৰে অনলাইন পৰীক্ষা বন্ধ নকৰে তেতিয়া লৈকে ভাৰতীয় জনতা পাৰ্টিক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ তেওলোকে কয় ‘‘বিজেপি চৰকাৰে যেতিয়ালৈকে অনলাইন পৰীক্ষা বন্ধ নকৰে তেতিয়া লৈকে ভাৰতীয় জনতা পাৰ্টিক ভোট নিদিও৷

বিজেপিৰ কোনো কৰ্মকৰ্তাক সহায় সহযোগ নকৰো৷ প্ৰতি ঘন্টাত মই কমেও তিনিগৰাকী লোকক এই শপত দি এই বাৰ্তা প্ৰেৰণ কৰিম৷ মই মোৰ গ্ৰাম্য এলেকাত বিজেপিৰ দুৰ্নীতি-ভ্ৰষ্টচাৰৰ বিৰুদ্ধে মানুহক সজাগ কৰিম৷’’ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতেই বিজেপিয়ে তদন্ত আৰম্ভ কৰে৷ জানিব পৰা মতে, গণ ৰাজ্য দিৱসৰ দিনটোত ৰেকৰ্ড কৰা এই ভিডিঅ’টো ৰাজ্য খনৰ হৌচাংগাবাদৰ ইন্টাৰসী নামৰ ঠাইৰ বিজয়লক্ষ্মী ইণ্ডাষ্ট্ৰিয়েল ট্ৰেনিং ইনষ্টটিউটৰ বুলি জানিব পৰা যায়৷ আনহাতে এনেধৰণৰ শপত অনুষ্ঠান কেৱল ৰাজ্য খনৰ হৌচাংগাবাদতে নহয় বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে এনে ধৰণৰ শপত লোৱা বুলি জানিব পৰা গৈছে৷ ইপিনে বিজেপিয়ে এয়া কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি বুলি অভিহিত কৰে৷