অপুৰ্ব বৰা,তেজপুৰঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলা খনটো বানৰ বিভিষিকাত বহুতৰে বাবে আহিছে অসনি সংকেত। কিয়নো ৰাইজৰ খেতি মাটি লগতে বাসস্থানত সম্পূৰ্ণ ৰূপে বানৰ কবলত।
যাৰ ফলত বন্যাৰ্তৰ সকলে এমুঠি আহাৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰি থকা পৰিলক্ষিত জিলাখনৰ বিভিন্ন প্ৰান্তত। আজি এইলোকসকলৰ সমস্যা বুজ লোৱা লগতে বানাক্ৰান্তসকলে খাদ্য সামগ্ৰী লগতে বন্যাৰ্তসকল কি দৰে আছে।
তাৰ প্ৰতি লক্ষ্য ৰাখি এম জি ভি কে ভানুৱে বৃহস্পতিবাৰে তেজপুৰ কলিবাৰী, জাহাজঘাটৰ লগতে জিলা বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰে। আনহাতে, ভানুৱে উল্লেখ কৰি কয় যে এতিয়া ৰাজনীতি পৰিহাৰ কৰি সকলোৱে লোকে জাতে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।