তেজপুৰঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত বৃহত্তৰ চাৰিদুৱাৰবাসী ৰাইজৰ উদ্যোগত চাৰিদুৱাৰ মা বৈষ্ণৱী দেৱী মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰ‍াখি লগতে জম্মু-কাশ্মীৰৰ পুলৱামাত নিহত জোৱানসকলৰ আত্মাৰ সদগতিৰ কামনাৰে সপ্তাহজোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰী মদ্ভাগৱত কথা জ্ঞান সমাৰোহ অনুষ্ঠিত কৰা হৈছে।

অনুষ্ঠানটোত মুখ্য ভাগৱত ব্যাখ্যাকাৰী হিচাপে উপস্থিত থাকে মথুৰাৰ শ্ৰীধাম বৃন্দাবনৰপৰা আমন্ত্ৰিত তুলসী মহাৰাজ। ১৬ ফ্ৰেব্ৰুৱাৰীৰপৰা আঠ দিনীয়া কাৰ্যসূচিৰে অনুষ্ঠানটোত অঞ্চলটোৰ বহু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। 

উল্লেখ্য যে বৃন্দাবন মথুৰাৰ তুলসী মহাৰাজে প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে।