তেজপুৰঃ সোমবাৰে ৰাতি তেজপুৰৰ মাজ মজিয়াত হত্যাকাণ্ড৷ ছুৰীৰ আঘাটত হাছনে মুদাছিৰৰ মৃত্যু৷ জানিব পৰা মতে তেজপুৰ বাৰিকা চুবুৰীৰ হাছনে মুদাচিৰে সোমবাৰে ৰাতি ১০ মান বজাত অমৃত মণ্ডল নামৰ এজন এজন বন্ধুৰ লগত মুদাচিৰৰ AS12T7333 নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰে বাৰিকাচুবুৰীৰ নিজা ঘৰলৈ গৈ আছিল৷

ঘৰমুখে যাত্ৰা কৰা পথতে পথত দুজন দুস্কৃতিকাৰীয়ে তেজপুৰৰ পুৰণি বাণ থিয়েটাৰৰ ওচৰত হাছনীক হত্যা কৰে৷ আনহাতে, ঘটনাৰ সময়ত অক্ষত অৱস্থাত থকা অমৃতে হাছনীক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ অনা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷ সম্প্ৰীতি অচেতন অৱস্থাত থকা অমৃতৰ পৰাহে সবিশেষ জানিব পৰা যাব। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও স্থানীয় লোক আৰু শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাই এইদৰে কয়।

আৰক্ষীয়ে বৰ্তমান অমৃত হাছনীক সোধপোচৰ বাবে আটক কৰিছে। আজি নিহত যুৱকজনৰ মৃতদেহ লৈ তেজপুৰ থানা ঘেৰাও কৰি হত্যাকাৰি আটক কৰি উচিত তদন্তৰ দাবী জনায় ৰাইজে।